নাওকাটাৰ ধৰ্মপ্ৰাণা মহিলা সৰস্বতী ডেকাৰ মৃত্যু

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম নাওকাটাৰ বাসিন্দা ধৰ্মপ্ৰাণা মহিলা সৰস্বতী ডেকা( ৯৬) শুকুৰবাৰে মৃত্যুক আকোৱালি লয়। দীৰ্ঘদিন ধৰি অসুস্থ ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ শুকুৰবাৰে পুৱাই মৃত্যু হয়।

পশ্চিম নাওকাটা গাঁৱৰ নাম দলৰ পাঠিকা, নাওকাটা আঞ্চলিক বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠাপক সদস্যা, সনাতন চৈতন্য ধৰ্মৰ সদস্যাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

নাওকাটাৰ জ্যেষ্ঠ সাংবাদিক ৰবীন্দ্ৰ কুমাৰ ডেকাৰ মাতৃ তথা প্ৰয়াত সমাজ কৰ্মী সূধা ৰাম ডেকাৰ পত্নী সৰস্বতীৰ ডেকাই তিনি পুত্ৰ-বোৱাৰী লগতে নাতি-নাতিনীক এৰি থৈ গৈছে।