
নলবাৰীঃ নলবাৰী-বাক্সা সীমান্তৰ বৰমাৰ দুখন বিদ্যালয় স্বচ্ছ বঁটাৰ নিৰ্বাচন হোৱা বুলি জানিব পৰা গৈছে৷ দুখন আগশাৰীৰ চৰকাৰী বিদ্যালয় আলাগজাৰ প্ৰাথমিক বিদ্যালয় আৰু বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় ৰাষ্ট্ৰীয় স্বচ্ছ বঁটাৰ বাবে নিৰ্বাচিত হয়৷
ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বচ্ছ বিদ্যালয় বঁটা-২০১৭ৰ বাবে মনোনীত কৰে বিদ্যালয় দুখনক৷ বৰমাৰ কালজাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক অমিত শৰ্মাই এই কথা জানিবলৈ দি চূড়ান্ত বঁটাৰ বাবে শীঘ্ৰেই মহাৰাষ্ট্ৰৰ পৰা এটি সজাঁতি দল আহি বিদ্যালয় দুখন পৰ্যৱেক্ষণ কৰিব বুলি কয়।