
হোজাইঃ এগৰাকী যুৱকে হাতত এটা মাৰণাস্ত্ৰ লৈ থকা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱা পৰাত খলকনি লাগিছে অসমত৷ অসমৰ এগৰাকী যুৱক সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদ্দিনত যোগদান কৰা বুলি একাংশ লোকে ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাত এই খবৰ লাভ কৰে সংবাদ মাধ্যম৷
ছচিয়েল মিডিয়াত বহু লোকে যুৱকজনক অসমৰ বুলি প্ৰচাৰ কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়া বুলি প্ৰচাৰ কৰে৷ তাৰ পিছতেই এই খবৰ প্ৰত্যক্ষ কৰে অসমৰ সংবাদ মাধ্যমে৷ সংবাদ মাধ্যমে সত্যতা পোহৰলৈ আনিবলৈ চেষ্টা কৰে৷
অৱশেষত সত্যতা পোহৰলৈ আহে৷ যুৱক জন হোজাই জিলাৰ যমুনামুখৰ কমৰুদ্দিন জামান আৰু শেহতীয়াকৈ কমৰুজ জামান নামেৰে পৰিচিত বুলি জানিব পৰা গৈছে৷ যুৱকজনে হাতত এটা মৰাণাস্ত্ৰ লৈ থকা এখন ফটোখন ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰিছে৷ পৰিয়াল সুত্ৰ জানিব পৰা মতে, যুৱকজনে হঠাৎ কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছে৷
পৰিয়ালৰ সৈতে যোগসুত্ৰ নাৰাখি কৰ্মসূত্ৰে প্ৰথমে বাংলাদেশলৈ গৈছিল বুলি জানিব হে পাৰে৷ যোৱা ১০ মাহে তেওঁ প্ৰথমে বাংলাদেশ তাৰ পিছত আমেৰিকা আৰু কাশ্মীৰত কাপোৰৰ ব্যৱসায় কৰিছিল বুলি প্ৰচাৰ হোৱা খবৰৰ পৰা হে পৰিয়াল তথা ওচৰ চুবুৰীয়াই জানিব পাৰিছিল৷
তাৰ পিছতে পৰিয়ালে তেওৰ সন্ধান উলিয়াবৰ বাবে চেষ্টা কৰে৷ বিগত বৰ্ষত পৰিয়ালৰ লোক কাশ্মীৰলৈ গৈ কাশ্মীৰ আৰক্ষীৰ ওচৰ চাপি তেওৰ শুংসুত্ৰ উদ্ধাৰৰ চেষ্টা কৰিছিল। ইমানে নহয় কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত হোৱাৰ সন্দেহ কৰি পৰিয়ালে হোজাই আৰক্ষী তথা যমুনামুখ আৰক্ষীক অৱগত কৰিছিল৷
কাশ্মীৰত থকা সময়তে হিজবুল মুজাহিদ্দিনত যোগদান কৰা বুলি সন্দেহ কৰি ইতিমধ্যে যমুনামুখত ভিতৰে ভিতৰে চৰ্চা হৈ আছিল৷ কমৰুদ্দিন জামানৰ ফটো ভাইৰেল হৈ পৰাত পৰিয়ালটোক এই কথা কোনো লোকে অৱগত কৰে৷ তাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো খন পৰিয়ালে চিনাক্ত কৰে তেওঁলোকৰ পুত্ৰ বুলি৷
পূৰ্বে বাহিৰলৈ গলে পৰিয়ালৰ সৈতে যোগযোগ ৰক্ষা কৰি চলিছিল তেওঁ৷ যদিও ১০ মাহ ধৰি পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰা নাই যুৱকজনে। এটি বিশ্বস্ত সুত্ৰই প্ৰকাশ কৰা মতে, কমৰুদ্দিন জামানে দীৰ্ঘ সময় বাংলাদেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে৷
বাংলাদেশত গৈ আমেৰিকালৈ যোৱা বুলি প্ৰচাৰ হৈছে যদিও সেয়া খাতাং নহয় বুলি কব খোজে৷ কিন্তু শীতৰ সময়ত কাশ্মীৰত কাপোৰৰ ব্যৱসায় কৰা বুলি খহৰ প্ৰকাশ পায়৷ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক পুত্ৰক গুলীয়াই মাৰিবলৈ আহ্বান জনাই৷ তাক গুলীয়াই হত্যা কৰি কুকুৰ আৰু মেকুৰীক খাবলৈ দিয়ক বুলি কয়৷
মোৰ চৌহদত সি সোমাব নোৱাৰে, ইয়াত তাৰ কোনো ঠাই নাই বুলি কোৱাৰ লগতে মৃতদেহ মোক নালাগে বুলি কয়৷ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মাতৃয়ে মোৰ ৫টা ল’ৰা আছে সি নহলেও হ’ব বুলি কয়৷
উল্লেখ্য যে, এতিয়ালৈ দেশৰ অনুসন্ধানকাৰী সংস্থাই এই কথা থিৰাং কৰা নাই যে যুৱকজনে উগ্ৰপন্থী সংগঠনত যোগদান কৰিছেনে নাই৷ অসম আৰক্ষীয়ে এতিয়ালৈ কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই৷