
আমগুৰিঃ বিতৰ্কৰ প্ৰসংগ এইবাৰ দিহানাম। মহাপুৰুষীয়া সৃষ্টিৰাজিৰ বহু পূৰ্বৰেপৰাই যুগে যুগে অৱধাৰিত ৰূপত প্ৰবাহমান অসমৰ লোকসংস্কৃতি৷ এই লোকসংস্কৃতিৰে এক অন্যতম উপাদান দিহানাম। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক সাংস্কৃতিক অনুষ্ঠানত বিকৃত সুৰত পৰিবেশন কৰা লোকসংগীতক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে৷
ছচিয়েল চাইটত ভাইৰেল হোৱা এই অনুষ্ঠানৰ ভিডিঅ'ক লৈ দল-সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ গুজ্ঞন গগৈ নামৰ এজন যুৱকে ফেচবুকত আপলোড কৰিছিল এই ভিডিঅ'টো৷ কোনো অজ্ঞাত অনুষ্ঠানত দিহানাম পৰিবেশন কৰিছিল যুৱতীৰ এটা দলে৷
কিন্তু দিহানামসমূহ প্ৰকৃত শৈলীত পৰিবেশন নকৰি গায়িকা প্ৰিয়ংকা ভৰালীৰ কিছু জনপ্ৰিয় গীতৰ সুৰতহে পৰিবেশন কৰি একপ্ৰকাৰে লোকসংগীতৰ স্বকীয়তাক বিকৃত কৰা হ'ল৷ গুজ্ঞন গগৈ নামৰ যুৱকজনে ভিডিঅ'টো ফেচবুকত আপলোড কৰাৰ পাছতেই বহুলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱতীগৰাকীক সমালোচনা কৰিছে।
এইক্ষেত্ৰত 'আটাছু'ৰ কেইজনমান বিষয়ববীয়াই ভিডিঅটো আপলোড কৰা যুৱকজনৰ পৰা সবিশেষ জানিব বিচৰাত যুৱকজনে অনুষ্ঠানটো মৰিগাঁৱত অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে যদিও যুৱতীকেইগৰাকীক চিনি নাপায় বুলি অৱগত কৰে৷ ভক্তিৰসেৰে ভগৱানক বন্দনা কৰা অসমীয়া লোকসংস্কৃতিৰ উপাদান দিহানামৰ সুৰক এনেদৰে বিকৃত কৰাত জাঙুৰ খাই উঠিছে জাতীয় সংগঠনসমূহ৷
একাংশ সংস্কৃতি সচেতন লোকেও এই কাৰ্য্য ভৱিষ্যত প্ৰজন্মৰ বাবে অশনি সংকেত বুলি অভিহিত কৰিছে৷ একাংশ জাতীয় সংগঠনে এই কাৰ্য্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে যুৱতীগৰাকীৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰে৷
অদ্যপি এই দলটোৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও জাতীয় সংগঠন কেইটাই লোকসংস্কৃতিৰ সৈতে জড়িত সমাজৰ সবল স্থিতি গ্ৰহণৰ আহ্বান জনায়।