
গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক নিৰ্দেশনাক কেন্দ্ৰ কৰি বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈ থকাৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে দল-সংগঠন আৰু ছাত্ৰ সমাজে। যোৱা ১৫ ছেপ্তেম্বৰত স্নাতক পৰ্যায়ত গুৰু বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰি অসমীয়া ভাষা আঁতৰাই দিয়াক লৈ গোৰেশ্বৰৰ ৰাজপথত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অৱস্থান কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত পুনৰ ১৮ ছেপ্তেম্বৰত গোৰেশ্বৰ মহাবিদ্যালয়ত সৃষ্টি কৰিছিল আন এক অভাৱনীয় পৰিস্থিতিৰ।
সিদিনা ইতিহাস বিষয়ৰ পৰীক্ষা ইংৰাজীত লিখিবলৈ বাধ্য কৰোৱাত গোৰেশ্বৰ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাগৃহ ত্যাগ কৰি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াকে লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপক্ৰম হয় যদিও মহাবিদ্যালয়খন অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰেক্ষাগৃহত আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।
ইপিনে গুৰু বিষয়ৰ পৰীক্ষাৰ উত্তৰ অসমীয়াৰ পৰিৱৰ্তে ইংৰাজীত লিখিবলৈ বাধ্য কৰোৱাৰ প্ৰতিবাদে এক বহল ৰূপ ধাৰণ কৰাত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিষয়টো পুনৰ বিবেচনা কৰিবলৈ তাৎক্ষণিকভাৱে ১৮ ছেপ্তেম্বৰৰ সন্ধিয়া এখনি সভা অনুষ্ঠিত কৰি নিজৰ পূৰ্বৰ সিদ্ধান্ত সলনি কৰাৰ কথা ঘোষণা কৰে। নতুন সিদ্ধান্ত মতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ৪১ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতকত গুৰু বিষয়ত ইংৰাজী ভাষাৰ লগতে অসমীয়াতো লিখিব পাৰিব বুলি উপাচাৰ্য গৰাকীয়ে পৰৱৰ্ত্তী সময়ত জাননী জাৰি কৰে।
লক্ষনীয় ভাবে এই বিষয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিষয়টোৰ পুনৰ বিবেচনা কৰাৰ ঘটনাই ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ সুৰক্ষিত হোৱা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে৷ বিশ্ববিদ্যালয়খন নিজৰ সিদ্ধান্ত সলনি কৰাৰ পিছত উক্ত পদক্ষেপক আদৰণি জনাইছে অবড়ো সুৰক্ষা সমিতি, অসমে। সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ভবিষ্যতে এনেদৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলাৰ লগতে ভাষাৰ অধিকাৰ খৰ্ব হ'ব পৰা যিকোনো কঠোৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে।
বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে- গুৱাহাটী বিশ্ববিদ্যালয়ে যিদৰে স্নাতকত ইংৰাজী-অসমীয়া দুয়োটা ভাষাতে পৰীক্ষা লিখাৰ সুবিধা ৰাখিছে তেনেদৰে বড়োলেণ্ড বিশ্ববিদ্যালয়েও উক্ত ব্যৱস্থা বাহাল ৰাখক। লগতে জাতি-জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি হ'ব পৰা এনে সিদ্ধান্ত যাতে পৰৱৰ্ত্তী সময়ত বিশ্ববিদ্যালয়খনে গ্ৰহণ নকৰে তাৰো আহ্বান ৰাখিছে সমিতিয়ে। বিটিএডিত বিভিন্ন ভাষা-ভাষী লোক যিহেতু আছে সেয়েহে সকলো ভাষাৰে মৰ্যদা অটুট থাকক। ইয়াৰ লগতে গোৰেশ্বৰ ছাত্ৰ সংগঠনসমূহেও বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তক আদৰণি জনাইছে।