
নলবাৰীঃ বাংলাদেশৰ কবিতা সংসদলৈ নলবাৰীৰ বিশিষ্ট কবি বিপুল কুমাৰ দত্ত আমন্ত্ৰিত হোৱাত নলবাৰীৰ কবি সমাজে আনন্দৰ প্ৰকাশ কৰা দেখা যায়। কবিগৰাকী কাইলৈ বাংলাদেশলৈ যাত্ৰা কৰিব। শনিবাৰে নলবাৰীৰ পৰা প্ৰকাশিত কাব্যলোচনী ‘গজালি’ৰ তৰফৰ পৰা সম্পাদক শংকৰ শৰ্মাই কবি গৰাকীৰ নলবাৰীৰ পকোৱাৰ বাসভৱনত শুভেচ্ছা জ্ঞাপন কৰে।
অহা দহ নৱেম্বৰত বাংলাদেশৰ পাবনা জিলাৰ পাবনা প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’বলগীয়া দ্বী-ভাষিক কবিতানুষ্ঠানত প্ৰকাশ পাবলগীয়া ‘গজালি’ৰ বিশেষ সংখ্যাত ৫৯ সংখ্যক নৱেম্বৰ সংখ্যা কবি গৰাকীৰ হাতত অৰ্পন কৰে। কবি দত্তই জানিব দিয়া মতে অসমৰ ১২০ গৰাকী কবিৰ নিৰ্বাচিত কবিতা বাংলা ভাষালৈ ৰুপান্তৰিত কৰা কবিতা সমূহ বাংলাদেশৰ পৰা গ্ৰন্থ আকাৰে ছপা কৰাৰ প্ৰস্তাৱ তেওঁ উক্ত কবিতা সন্মিলনত উত্থাপন কৰিব।