হাউ গ্ৰীণ ওৱাজ মাই ভেলীৰ অনুবাদক আবুল লেইছৰ দেহাৱসান

newsnextone.com | গুৱাহাটীঃ অসমে হেৰুৱালে আন এটি সাহিত্যৰ ভোটাতৰা। শনিবাৰে পুৱাই এই দুঃসংবাদটোৱে সকলো সাহিত্য অনুৰাগীৰ বুকু কঁপাই যায়। পবিত্ৰ ঈদৰ দিনাখনেই অসমৰ অনুবাদ সাহিত্য জগতৰ অপূৰণীয় ক্ষতি সাধন কৰি পৰোলকপ্ৰাপ্তি ঘটে বিশিষ্ট অনুবাদক, অধ্যাপক আবুল লেইছৰ। 

পবিত্ৰ ঈদৰ দিনাখন পুৱা ৯.৩০ বজাত মহানগৰীৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ঠ অনুবাদকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।

আজীৱন সাহিত্য অনুৰাগী হিচাপে খ্যাতি লাভ কৰা আবুল লেইছে বিভিন্ন ভাষাৰ কেইবাখনো গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ ৰিচাৰ্ড এম লুৱেলিনৰ বিখ্যাত গ্ৰন্থ 'হাউ গ্ৰীণ ওৱাজ মাই ভেলী’ক অসমীয়া ভাষালৈ সাৱলীল অনুবাদ কৰি পঢ়ুৱৈক সমাজক এক অনন্য সোৱাদ দিবলৈ সক্ষম হৈছিল৷ ‘কেনে সুন্দৰ আছিল মোৰ উপত্যকা’ নামেৰে অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখনি তেওঁৰ অনুবাদ সাহিত্যৰ অনন্য কৃতি বুলিব পাৰি৷

অধ্যাপক হিচাপে কৰ্মজীৱন সামৰা আবুল লেইছে এৰিথ মাৰিয়া বেনাৰ্কৰ ‘দ্য ৰোড বেক’ নামৰ বিখ্যাত গ্ৰন্থখনৰ ‘ওভটনি’ নামেৰে অসমীয়ালৈ কৰা অনুবাদ গ্ৰন্থখনে অসমীয়া গ্ৰন্থ পঢ়ুৱৈৰ পৰা বেছ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

অনুবাদক আবুল লেইছৰ মৃত্যুত ৰাজ্যৰ বিভিন্নজনে শোক প্ৰকাশ কৰি এয়া অসমীয়া অনুবাদ সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি বুলি দোহাৰে৷ নিশা ৯ বজাত বিশিষ্ট অনুবাদক গৰাকীৰ জানাজা সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে৷