
নলবাৰীঃ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২০০৮ চনত গুৱাহাটীকে ধৰি বিভিন্ন স্থানত বোমা বিস্ফোৰণত নিহত লোকৰ সকলক স্মৰণ কৰা হয়। আছুৰ নলবাৰী কাৰ্যালয় বাকৰিত অনুষ্ঠিত কাৰ্যসূচীত নিহত সকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ মুক্তিৰ বাবে বন্তি প্ৰজ্বলন কৰা হয়।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিলকমল বৰ্মনে আতঁ ধৰা অনুষ্ঠানত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, সাধাৰণ সম্পাদক অক্ষয় ডেকা, ছাত্ৰ নেতা ভবজিত বেজবৰুৱা, শশাংক দত্ত, ৰিয়াজউদ্দিন আহমেদ, আঞ্চলিক সমিতিৰ সভাপতি ৰুবুল বৰ্মন, জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক উদয় বৰ্মন সহ বহু সংখ্যক বিশিষ্ট লোকে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷