বাজপেয়ীৰ অস্থিকলহ লৈ বৰঝাৰত উপস্থিত ৰঞ্জিত দাস

newsnextone.com | গুৱাহাটীঃ সদ্যপ্ৰয়াত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি দেশৰ সকলো নদীত বিসৰ্জন দিয়াৰ প্ৰস্তুতি চলিছে। অসমৰ ব্ৰহ্মপুত্ৰ নদীতো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অস্থি বিসৰ্জনৰ যো-জা চলিছে। 

সেই উপলক্ষে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অটল বিহাৰী বাজপেয়ীৰ অস্থিৰ সৈতে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। 

ৰঞ্জিত দাস বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক আদৰণি জনায় আৰু আনুষ্ঠানিক ভাৱে সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীৰ অস্থিকলহ গ্ৰহণ কৰে।