
মাৰ্ঘেৰিটাঃ ৰাজ্যৰ বিভিন্ন গাঁৱত এতিয়া অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷ দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ খনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷
হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগৰ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷ তিনিচুকীয়া জিলাতো অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কিন্তু জিলা খনৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুনত অটল হেল্থ কাৰ্ড প্ৰদানৰ প্ৰ-পত্ৰ পূৰণৰ নামত চৰম অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ হেল্থ কাৰ্ডৰ বাবে প-পত্ৰ পূৰণৰ অস্থায়ী কেন্দ্ৰ সমূহত কাম কৰা মানুহৰ সংখ্যা কম হোৱা দেখা যায়৷
আনহাতে কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাৎ নিৰ্দিষ্ট ঠাই থিক নকৰাকৈ অটল অমৃত যোজনাৰ কৰ্মী আহি যতে ততে প্ৰ-পত্ৰ পূৰণৰ বাবে বঁহাত বহু লোকে অৱগত হোৱাই নাই এই আঁচনিত কেনেদৰে অন্তৰ্ভুক্ত হ’ব পাৰে৷ ১০০ ঘৰ পৰিয়ালক দুদিনৰ সময় দি কৰ্মীসকলে আঁচনিৰ কাম সমাপ্ত কৰিব বিছাৰিছে৷ আগতীয়াকৈ কোনো জাননী নিদিয়া তথা পোষ্টাৰিং নকৰাত হেল্থ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণৰ বাবে জনসাধাৰণ উপায়ন্তৰ হৈ পৰিছে৷ অপাৰেটৰসকলৰ ব্যৱহাৰক লৈও প্ৰশ্ন উত্থাপন হৈছে৷
অপাৰেটৰসকলে ৰেছন কাৰ্ডক ভিত্তি কৰি প-পত্ৰ পূৰণ কৰি আছে আহিছে যদিও বহু লোকৰ ৰেচন কাৰ্ড নথকাত সমস্যাত পৰা দেখা যায়৷ অপাৰেটৰসকলে হেল্থ কাৰ্ড প্ৰদান কৰা আৰু চৰকাৰী কমিছন লাভৰ বাবে সহজলভ্য ৰেছন কাৰ্ডক মূল নথি হিচাপে গ্ৰহণ কৰাত পৰৱৰ্তী সময়ত একাংশ সন্দেহযুক্ত লোকৰো হাতত যে হেল্থ কাৰ্ড উপলব্ধ হ'ব আৰু বৈধ খিলঞ্জীয়া অসমীয়া যে বঞ্চিত হ'ব সেইয়া নুই কৰিব নোৱাৰি৷
ইপিনে একাংশ সুলভ মূল্যৰ দোকানীয়ে বিভিন্ন অজুহাতত গ্ৰাহকৰ ৰেচন কাৰ্ডসমূহ নিজৰ দোকানত জব্দ কৰি ৰখাত একাংশ ৰাইজ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে৷ স্থায়ী কেন্দ্ৰ স্থাপন নকৰাতো সমস্যাত পৰিছে ৰাইজ৷ দৰিদ্ৰ লোকে এই বিষয়ে একো উমঘামেই পোৱা নাই৷ বহু ৱাৰ্ড মেম্বাৰে প্ৰচাৰ চলোৱা দেখা নাযায় নাই হেল্থ কাৰ্ডক কথা আঁচনিকলৈ৷ এটা বিশেষ ৰাজনৈতিক দলৰ সৈতে জড়িত লোকে প্ৰ-পত্ৰ পূৰণত সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে৷