
নতুন দিল্লী: খোজে প্ৰতি জিএছটি, কৰে কোঙা কৰা সাধাৰণ জনতাৰ ওপৰত আকৌ পৰিব মাধমাৰ। আজিৰে পৰা বৃদ্ধি পাইছে দুটাকৈ সুপ্ৰতিষ্ঠিত দুগ্ধ কোম্পানী আমূল আৰু মাডাৰ ডেইৰীৰ গাখীৰৰ দাম। আৰু আজিৰে পৰাই ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত প্ৰযোজ্য হোৱা অতিৰিক্ত চাৰ্জও। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে জনোৱা মতে, ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ পৰা প্ৰতিটো নগদ ধনৰ লেনদেনত সৰ্বোচ্চ ২৩ টকা পৰ্যন্ত চাৰ্জ আৰোপ কৰিব পাৰিব বেংকসমূহে।
অৱশ্যে সামান্য সকাহৰ কথাটো হ’ল- মাহিলী বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰাৰ পিছতহে গ্ৰাহকে ভৰিব লাগিব এই অতিৰিক্ত চাৰ্জ। উল্লেখ্য যে, বৰ্তমান বেংকৰ গ্ৰাহকে নিজৰ বেংকৰ এটিএমৰ পৰা প্ৰতিমাহে মুঠ ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰে। এই লেনদেনত আৰ্থিক আৰু অবিত্তীয় দুয়োটা লেনদেন অন্তৰ্ভুক্ত। আন বেংকৰ এটিএম ব্যৱহাৰ কৰাৰ সময়তো কেইটামান লেনদেন বিনামূলীয়া হৈ থাকে, যেনে মেট্ৰ’ চহৰত ৩টা আৰু নন-মেট্ৰ এলেকাত ৫টা বিনামূলীয়া লেনদেন লাভ কৰে গ্ৰাহকে।
নতুন নিয়ম অনুসৰি এই সীমা অতিক্ৰম কৰিলে ২৩ টকা পৰ্যন্ত অতিৰিক্ত চাৰ্জ প্ৰযোজ্য হ’ব। মন কৰিবলগীয়া যে, ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এই চাৰ্জ আছিল ২১ টকা। এতিয়া ২ টকা বৃদ্ধি কৰি ২৩ টকা কৰা হৈছে। ৰিজাৰ্ভ বেংকে কয় যে এই নিৰ্দেশনা নগদ ধন জমাৰ উপৰিও কেচ ৰিচাইক্লাৰ মেচিনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। অৰ্থাৎ নগদ ধন উলিওৱা বা বেলেঞ্চ চেক আদি লেনদেনৰ ক্ষেত্ৰত এই চাৰ্জ প্ৰযোজ্য হ’ব।
ইয়াৰ উপৰিও এতিয়া নিজ নিজ এটিএম নেটৱৰ্কক এটিএম আদান-প্ৰদানৰ মাচুল নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনত আৰবিআইয়ে বিত্তীয় লেনদেনৰ বাবে ১৭ টকা আৰু অবিত্তীয় লেনদেনৰ বাবে ৬ টকা আদান-প্ৰদান মাচুল নিৰ্ধাৰণ কৰিছিল। মন কৰিবলগীয়া যে, শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে লোকসভাত অৱগত কৰিছিল যে, এটিএমৰ নগদ ধন উলিওৱাৰ সেৱাৰ বাবে বেছিভাগ ৰাজহুৱা খণ্ডৰ বেংক লোকচানৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সেই মন্তব্যৰ ঠিক পিছতে এতিয়া গ্ৰাহকৰ ওপৰত অতিৰিক্ত চাৰ্জৰ নামত পুনৰ শোধোৱা হ’ল এই ৰাম টাঙোন।