নলবাৰীত পাচঁ দিনলৈ আত্মাৰ আৰ্তনাদ

নলবাৰীঃ সমগ্র নলবাৰী চহৰত এতিয়া আত্মাৰ আৰ্তনাদকলৈ লানি নিচিঙা ভিৰ৷ আত্মাৰ আৰ্তনাদৰ অন্তত সকলোৰে চকুক সন্তোষৰ চকুপানী৷ হিল-দোল ভাঙি মানুহ আহিছে আত্মাৰ আৰ্তনাদ চাবলৈ৷ লোকে-লোকাৰণ্য হৈ পৰে ৰাজশ্ৰীৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহ৷ দৰ্শকৰ লানি  নিছিগা ভিৰ ৰাজশ্ৰীৰ প্ৰেক্ষাগৃহত৷ তপন দাসৰ দূৰন্ত অভিনয়ে সকলো দৰ্শককে আপ্লুত কৰিছে ৷ দৰ্শকে পুণৰ প্ৰতীয়মান কৰিলে সুৰুচিপূৰ্ণ তথা অগতানুগতিক নাট, উচ্চমানদণ্ড অভিনয়ৰ আদৰ।

৮৪তম্ নলবাৰী ৰাস মহোৎসৱৰ ৰাজশ্ৰী থিয়েটাৰৰ৷ প্ৰথম দিনা দুয়োটা দৰ্শনীত মানুহৰ সমাগম। নলবাৰী ৰাস মহোৎসৱত বুধবাৰে প্রথমটো নাট্যদল হিচাপে নাট প্রদৰ্শন কৰে অসমৰ আগশাৰীৰ ভ্রাম্যমাণ নাট্যদল ৰাজশ্ৰী থিয়েটাৰে৷ ইতিমধ্যে আত্মাৰ আৰ্তনাদলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ৫০ হেজাৰ টকাৰ অগ্রিম টিকট বিক্ৰী, যিটো নলবাৰী ৰাসৰ অভিলেখ৷ ইফালে লখিমী পথাৰত অগনন  দৰ্শকৰ লানি নিচিঙা ভিৰ হ ৷

আহ্বায়কে জানিবলৈ দিয়া মতে, দৰ্শকৰ সুবিধাৰ্থে প্রতিদিনে দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ নাট্যপ্ৰেমীৰ আকুন্ঠ সহাৰি দেখা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে নলবাৰী ৰাস মহোৎসৱত বিগত কিছু বছৰত যি কোনো ভ্ৰাম্যমাণ নাট্যদলে প্ৰথম নিশা লাভ কৰা দৰ্শকতকৈ এইবাৰ ৰাজশ্ৰী থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্য্য ৰ "আত্মাৰ আৰ্তনাদ" নাটখনে অধিক দৰ্শক লাভ কৰি প্ৰথম নিশাৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷