অৰুণাচলৰ নামচাইত গ্ৰেনেডেৰে সেনাক আক্ৰমণ, গুলীয়াগুলী অব্যাহত

তিনিচুকীয়াঃ পুনৰ শক্তিশালী ৰুপত মূৰ দাঙি উঠা বিদ্ৰোহী সংগঠন আলফাই ( স্বাধীন) তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত সংঘটিত কৰা এক কূটাঘাতে আগন্তুক গণ ৰাজ্য দিৱসলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

গণ ৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত অৰুণাচলৰ প্ৰদেশৰ নামচাইত পৰেশ বৰুৱা নেতৃত্বাধীন  আলফাই  অৰুণাচল সীমান্তৱৰ্তী এলেকাত আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে৷ সেনাবাহিনীৰ কনভয়ত আলফা স্বাধীনৰ এটা গোটে ভয়াবহ আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে৷

গ্ৰেনেড দলিয়াই আক্ৰমণ কৰে যদিও এতিয়ালৈ ঘটনাত কোনো পক্ষৰ হতাহত হোৱাৰ খবৰ জানিব পৰা হোৱা নাই৷ এখন ব্যক্তিগত বাহনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে৷ বৰ্তমান দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ চলি আছে বুলি বাতৰি আহিছে৷