ৰাইনু পন্থীক আক্ৰমণ, সতীৰ্থক প্ৰহাৰ কৰাৰ পিছতো শুই থাকিল আৰক্ষী-আবকাৰী

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

শুক্লাইঃ ৰাজ্য চৰকাৰে গাঁৱলীয়া মদক পেকেটত ভৰাই ৰাইজৰ বাবে মুকলি কৰাৰ পিছতো একাংশ লোকে চৰকাৰৰ মদ সেৱন নকৰি অবৈধ ভাবে বিক্ৰী কৰা দোকানৰ পৰা কিনি সেৱন কৰি অহা দেখা যায়৷ একাংশ অবৈধ ব্যৱসায়ীয়ে চৰকাৰৰ ৰাইনু মদক প্ৰত্যাহ্বান জনাই আজিও মুকলিকৈ বিক্ৰী কৰি আহিছে৷ চৰকাৰে বিছাৰি মানুহে মদ ক্ৰয় কৰি পান কৰক৷

যাৰ দ্বাৰা চৰকাৰ লাভ কৰিব ৰাজহ৷ তাৰ মাজতে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগ তথা চৰকাৰৰ ৰাইনু মদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্বত থকা  আবকাৰী বিভাগক বেয়াকৈ মাৰ-ধৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে  ওদালগুৰি জিলা৷ জিলা খনৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্তত যোৱা কেইবছৰমান ধৰি দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ভূটান সীমান্তৰ একাংশ ব্যৱসায় প্ৰতিষ্ঠানত দেশী-বিদেশী সুৰা সহজলভ্য৷

সীমান্ত এলেকাৰ দেউচুঙাতো দেশী-বিদেশী মদৰ ৰমৰমীয়া ব্যৱসায় যোৱা কেইবাবছৰো ধৰি চলি আহিছে যদিও আবকাৰী বিভাগ তথা প্ৰশাসনে অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ আজিকোপতি কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই৷ যোৱা ৯ নৱেন্বৰত ভূটান সীমান্তৰ অতি দুৰ্গম অঞ্চল দেউচুঙাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ আবকাৰী বিভাগৰ বৃহৎ দল এটা উপস্থিত হয়৷

দলটোৱে দেউচুঙাৰ ৰবীন বৰ্মন আৰু দিলু ৰামচিয়াৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই ০৪ কাৰ্টুন বিলাতী সুৰা জব্দ কৰি গাড়ীত উঠাবলৈ যোজা কৰাৰ সময়তে একাংশ লোকে আবকাৰীৰ দলটোক আক্ৰমণ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে৷ আবকাৰীৰ দলটোৱে লৈ যোৱা বাহন ভাঙি চুৰ্ণ-বিচুৰ্ন কৰে৷ এই ঘটনাৰ পিচত আবকাৰীৰ দলটোৱে প্ৰাণৰ মমতাত গাড়ী লৈ পলাই আহে যদিও দলটোৰ এজন কনিষ্টবল সন্ধানহীন হ'য়৷

পিচত পলায়ন কৰা আবকাৰী কনিষ্টবলজনক শুকুৰবাৰে বাক্সা জিলাৰ অম্বৰীশ নগৰৰ খেতিপথাৰত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে ৰাইজে আইন হাতত তুলি লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷ এতিয়ালৈকে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত নীৰৱতা অৱলম্বন কৰা দেখা গৈছে৷