ভাত ভাত কৰি কন্যাৰ মৃত্যু, এতিয়া মাতৃক অত্যাচাৰ

 ডিজিটেল ডেস্কঃ ভাত ভাত কৰি ভাত খাবলৈ নাপাই মৃত্যুমুখত পৰিল নিজ কন্যা৷ কন্যাৰ শোকত ম্ৰিয়মান মাতৃক আৰম্ভ কৰিছে নিৰ্যাতন চলোৱাৰ৷ ঝাৰখণ্ডৰ ১১ বছৰীয়া সন্তোষী কুমাৰী নামৰ কিশোৰীগৰাকীৰ মাতৃ কয়লী দেৱীৰ ওপৰত এতিয়া আৰম্ভ হৈছে নিৰ্যাতন৷ তেওঁলোকে বাস কৰা গাঁৱৰ লোকে ধাৰাবাহিক ভাৱে অত্যাচাৰ কৰি থকাৰ বাতৰি প্ৰচাৰ হৈ অহাত চিন্তাৰ বিষয় হৈ পৰিছে।

দা ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্ট অনুসৰি ৰাজ্যখনৰ চিমডেগা জিলাখনৰ কৰিমাটি গাঁৱৰ লোকসকলে কয়লী দেৱীয়ে তেওৰ কন্যা সন্তোষী কুমাৰীয়ে ভাত খাবলৈ নাপাই ভোকত মৃত্যুমুখত পৰা বুলি উত্থাপন কৰা অভিযোগ সচা নহয়৷ এই অভিযোগে গাঁও খনৰ বদনাম কৰিছে৷ যাৰ ফলত কয়লী দেৱীৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰিছে গাঁওবাসীয়ে।

আনকি গাঁওখনৰ মহিলাসকলে মৃত্যু হোৱা কন্যাৰ অসহায় মাতৃগৰাকীক মাৰপিট কৰাৰো বাতৰি আহিছে। গাঁওবাসীৰ অত্যাচাৰ সহিব নোৱাৰি মহিলাগৰাকীয়ে শনিবাৰে ৰাতিপুৱা নিজৰ প্ৰাণৰক্ষাৰ উদ্দেশ্যে গঁও খনৰ সমাজকৰ্মী তাৰামনি সাহুৰ ঘৰত আশ্ৰয় গ্ৰহন লবলগীয়া হয়। সমাজকৰ্মী সাহুই কয়লীক মাৰপিট কৰাৰ পিছত গাঁওবাসীয়ে বয়বস্তুবোৰ ঘৰৰ পৰা দলিয়াই বলপুৰ্বক গাঁও খনৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰিছিল বুলি কয়।

সমাজকৰ্মী তাৰামনি সাহুৰ প্ৰচেষ্টাত দুৰ্ভগীয়া মাতৃগৰাকীৰ জীৱনৰ নিৰাপত্তা বিচাৰি জিলাখনৰ উপায়ুক্তৰ ওচৰত এখন আৱেদন দাখিল কৰে। সংবাদকৰ্মীৰ সৈতে হোৱা কথা বতৰাত জিলাখনৰ উপ আৰক্ষী অধীক্ষক এ কে সিঙে ইতিমধ্যে ঘটনাৰ অনুসন্ধান কৰি কয়লী দেৱী নিজৰ ঘৰত থকা নাই বুলি কৈ সুৰক্ষা দিয়াৰ আশ্বাস প্ৰদান কৰে৷

আৰক্ষীয়ে তেওঁক নিজৰ ঘৰলৈ লৈ আহিছে। উল্লেখযোগ্য যে কিছুদিন আগতে কয়লী দেৱীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ ৰেছনৰ দোকানে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ লিংক নোহোৱাৰ বাবে তেওঁক ৰেচনৰ চাউলৰ যোগান ধৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছিল। যাৰ ফলত তেওঁৰ ১১ বছৰীয়া কন্যা সন্তোষী কুমাৰীয়ে সম্পুৰ্ন ৮ দিন অনাহাৰে থাকি যোৱা ২৮ছেপ্তেম্বৰত মৃত্যুমুখত পৰে। আনহাতে জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি সন্তোষী কুমাৰীৰ অনাহাৰত মৃত্যু হোৱা নাছিল মেলেৰীয়াতহে মৃত্যু হৈছিল।