হত্যাৰ বলি হোৱা নাৰায়ণ বৰালৰ গৃহত ৫ সংগঠনৰ নেতৃত্ব, খবৰ লবলৈ যোৱা বিষয়াৰ দলক আক্ৰমণ

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ডই ৫ দিন অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে কোকৰাঝাৰ আৰক্ষী। ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা বনাঞ্চলত অচিনাক্ত দুৰ্বৃত্তৰ হাতত যোৱা ২ মে’ত অকাল মৃত্যুক সাৱটি লোৱা নাৰায়ণ বৰালৰ হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি অব্যাহত থকাৰ সময়তে সোমবাৰে বৰালৰ গৃহত উপস্থিত হৈ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷ আনহাতে একেটা দিনতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবলৈ অহা আবকাৰী বিষয়াৰ দল এটাক স্থানীয় ৰাইজে আক্ৰমণ সংঘটিত কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। 

এনেকি স্থানীয় ৰাইজে আবকাৰী বিষয়াৰ দলটোক কঢ়িয়াই নিয়া এএছ-২৬-এ-৯২৩৪ নম্বৰৰ টাটা ছুম বাহনখন চুৰ্ণ বিচুৰ্ণ কৰে। অৱশ্যে উত্তেজিত ৰাইজৰ পৰা কোনোমতে আবকাৰী বিষয়া-কৰ্মচাৰীৰ দলটোক প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। ঘটনাৰ খবৰ লাভ কৰি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ নেতৃত্বত আৰক্ষীৰ বিশাল দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। 

উত্তজিত ৰাইজ আৰু একাংশ দল সংগঠনৰ নেতাই আৰক্ষী বাহিনীলৈও সন্দেহৰ আঙুলি টোৱাই বিশমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথক নিলম্বন আৰু তদন্তৰ আঁওতালৈ অনা, ঘটনাটোৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে৷ এসপ্তাহৰ ভিতৰত দাবী সমূহ পুৰণ নহলে আৰক্ষী থানা ঘেৰাও আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দৰে জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে মৃতকৰ ঘৰত উপস্থিত হোৱা সদৌ গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে।

শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা আৰু ঘটনাৰ বুজ লবলৈ উপস্থিত হোৱা বডোলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ সভাপতি ছৌগৌমছাৰ বসুমতাৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছুৰ সভাপতি প্ৰেম টামাং, বীৰছা কামাণ্ডো ফৰ্চৰ সভাপতি দুৰ্গা হাসদা, আদিবাসী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডা, আদিবাসী ছাত্র সন্থাৰ সভাপতি প্ৰদীপ নাগে সংবাদমাধ্যমৰ আগত অসম চৰকাৰৰ আবকাৰী বিভাগৰ এগৰাকী উপ-পৰিদৰ্শকৰ দৰে বিষয়াক ৰাজ্যিক মৰ্যাদা দিয়া নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি সম দৃষ্টিভংগীৰে মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, ঘটনাৰে জড়িত দোষীক শীঘ্ৰে কৰায়ত্ব কৰা আৰু সহধৰ্মিনীক চৰকাৰী চাকৰিত নিয়োগৰ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে, যোৱা ২ মে’ত এন আৰ চি দায়িত্ব সামৰি ঘৰলৈ ৰাওনা হোৱাৰ সময়তে কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ সৰলপাৰা বনাঞ্চলত আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি জংঘলত পেলাই দিছিল। অতি অমায়িক আৰু নিৰ্জু স্বভাৱৰ বিষয়া গৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া অদ্যপি স্পষ্ট নহয় আৰু আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত দুৰ্ষ্কৃতিকাৰীক অদ্যপি কৰায়ত্ব কৰিব নোৱাৰাত ভাৰত ভূটান সীমান্তবৰ্তী সৰলপাৰা ৰাইজৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে। প্ৰণিধানযোগ্য যে কিছুবছৰ পূৰ্বে নাৰায়ন বৰালৰ পিতৃও দুৰ্ষ্কৃতিকাৰীৰ হাতত অকালতে প্ৰাণ হেৰুৱাইছিল।