
অভয়াপুৰীঃ মাথো এমাহ পূৰ্বে এগৰাকী কয়লা ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌয়াওতেই সোমবাৰে পুনৰ এগৰাকী কয়লা ব্যৱসায়ীক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় বঙাইগাঁও জিলাৰ যোগীঘোপাত৷
জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১০ বজাত দুলুমনি ৰায় নামৰ এজন যুৱকে এখন দোকানত কোনো বিষয়ক লৈ তৰ্কাতৰ্কিত লিপ্ত হয়৷ কিছু সময়ত পিছত তৰ্কাতৰ্কিয়ে হতাহতিৰ ৰূপ লয়৷ তেনে সময়তে আব্দুল আৱাল নামৰ স্থানীয় কয়লা ব্যৱসায়ী এগৰাকীয়ে কাজিয়া ভাঙিবলৈ চেষ্টা কৰা৷
দুলমনি ৰায় নামৰ যুৱক জনে আৱালক ডেগাৰেৰে আঘাট কৰে। এই দৃশ্য স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীক খৱৰ দিয়ে আৰু আক্ৰমনকাৰী যুৱকজনক কৰায়ত্ত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত আৱালক উদ্ধাৰ কৰি গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেৰণ কৰে আৰু আক্ৰমণকাৰী দুলুমনি ৰায়ক আটক কৰে।