
কামপুৰঃ ৰাজ্যত এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা৷ এতিয়া ৰাজ্যত নিতৌ সংঘটিত হোৱা ধৰ্ষণ-নিৰ্যাতন কাণ্ডৰ বাতৰিয়ে সৰ্বপ্ৰকাৰৰ লোকক চিন্তিত কৰি তুলিছে৷ নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয়৷ মহিলা-যুৱতী কন্যা শিশু এতিয়া ক’তো সুৰক্ষিত নহয়৷
নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতন, গৃহ হিংসাৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড, নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলীৰ বুকলুঙৰ নিজ গৃহত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
ৰূমানা খাতুন নামৰ বোৱাৰীগৰাকীক স্বামী, দুই ননদে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ পৰিয়ালে৷ জানিব পৰা মতে, ৰূমানা খাতুন আৰু আব্দুল কালামৰ কেইবছৰমান পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷
বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক মাৰ ধৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ লেকজান খাতুন আৰু মৰ্জিনা খাতুন নামৰ দুই ননদৰ সৈতে প্রায় সংঘাট হৈছিল বোৱাৰীগৰাকীৰ। বৃহস্পতিবাৰে নিশা সংঘাটে চূড়ান্ত ৰূপ লয় আৰু স্বামী আব্দুল কালাম, দুই ননদে মিলি বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃয়ে।
শুকুৰবাৰে পুৱাই ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ আনহাতে ৰূমানা খাতুনৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই ননদ লেকজান খাতুন, মৰজিনা খাতুন আৰু স্বামী আব্দুল কালামক আটক কৰে৷