‘জাতিৰ স্বাৰ্থত সকলো জলাঞ্জলি দিম, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ নকৰো।’ -অতুল বৰা

newsnextone.com | টীয়কঃ মন্ত্ৰী তথা অগপ নেতা অতুল বৰাৰ অটল স্থিতি। প্ৰয়োজন হ’লে জাতিৰ স্বাৰ্থত সকলো জলাঞ্জলি দিব। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ কৰা নহ’ব। আজি পুৱা টীয়কৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰত আশীষ ল’বলৈ আহি এই মন্তব্য মন্ত্ৰীগৰাকীৰ। 

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শেহতীয়াকৈ অগপ-বিজেপিৰ মাজৰ ব্যৱধান তথা অগপ সভাপতিগৰাকীৰ স্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ অহা লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত সভাপতি গৰাকীয়ে দুয়োটা দলৰ মাজত মিত্ৰতা থাকিব নে নাথাকে, সেয়া পৰিবেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

উল্লেখ্য যে, প্ৰতি বছৰৰ দৰেই পৱিত্ৰ ভাদমাহত মন্ত্ৰীগৰাকীয়ে মইনাপৰীয়া নামঘৰৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰ আৰু কলীয়াপানীস্থিত আউনীআটি সত্ৰতো চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত আঠু লয়।