মুখ্যমন্ত্ৰী সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান, এই বঁটা মোৰ বাবে আশীৰ্বাদ

newsnextone.com | তিনিচুকীয়াঃ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী তপন কুমাৰ গগৈ, শদিয়াৰ বিধায়ক বলিন চেতিয়া, আলফাৰ যুদ্ধ বিৰত গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, মন্ত্ৰী নৱ দ’লে, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বঁটা প্ৰদান কৰে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ নেতৃত্বই৷ 

২২৩ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহত প্ৰদান কৰা বঁটাত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আৱক্ষ মূৰ্তি এটা, গামোচা, চেলেং চাদৰ, ১ লাখ টকাৰ চেক প্ৰদান কৰে৷ যোৱা ২৪ ম’ৰ পৰা অনুষ্ঠিত তিনিচুকীয়া জিলাৰ আইটিআই খেলপথাৰ তথা ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই ক্ষেত্ৰত কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অন্তিম দিনৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হয়৷    

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা গ্ৰহণ কৰি আবেগিক ভাষণ প্ৰদান কৰি পূৰ্বপুৰুষক সদায় স্মৰণ কৰিবলৈ আহ্বান জনাই সকলোকে৷ এই বঁটা তেওঁৰ বাবে আশীৰ্বাদ বুলি কৈ দায়িত্ব পালনত সহায়ক হৈ পৰিব বুলি কয়৷ সোণোৱালে আৰু কয় ‘‘স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আৰ্দশেৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিটোৱে বিশ্বৰ বুকুুত উঠাৰ লগতে সকলোৱে নতুন প্ৰজন্মক লগত লৈ থিয় দিব লাগিব৷ সমন্বয়ৰ জৰিয়তে আৰু আমি সকলোৱে দৃঢ়তাৰে আগুৱাই যাব লাগিব৷’’  

অসমীয়া জাতি কেতিয়াও দুৰ্বল নহয় বুলি কৈ পূৰ্বপুৰুষৰ সন্মান ৰক্ষা কৰিহে আগুৱাই যাব লাগিব বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে৷  আনহাকে সোণোৱালে সকলো জাতি-জনগোষ্ঠীৰ লৈ আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দি স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতিক যুগমীয়া কৰাৰ বাবে ৰাজধানী মহানগৰীত মটক ৰজা সৰ্বানন্দ সিংহৰ নামত ভৱন নিৰ্মাণ, মটক জনগোষ্ঠীৰ গুৰু অনিৰুদ্ব দেৱৰ নামত চাবুৱাত এখন ক্ৰীড়া বিশ্ববিদ্যালয় কৰাৰ কথা ঘোষণা কৰে। সভাত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়ায় অহা ১০গৰাকী লোকক মুখ্যমন্ত্ৰী সোণোৱালে সম্বৰ্ধনা যাচে। মটক জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ উপলক্ষে দেওবাৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰ উলিয়াই তিনিচুকীয়া চহৰবাসীক আপ্লুত কৰে৷