
newsnextone.com | বোকাজানঃ নাৰী সবলীকৰণৰ লগতে অসমৰ মহিলাসকলক সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰত আগুৱাই নিয়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি অহা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সমিতি আৰু তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিয়ে দেওবাৰে তেজপুৰত বঁটা প্ৰদান আৰু নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ ষষ্ঠ বাৰ্ষিক স্মৃতি দিৱস পালন কৰে৷
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ত সুসংগঠকৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ ষষ্ঠ বাৰ্ষিক স্মৃতি দিৱস উপলক্ষে লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী আভা বৰাৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান৷
অনুষ্ঠান উদ্ধোধন কৰে সুলেখিকা বিনীতা দত্তই৷ উদ্ধোধনী ভাষণত বিনীতা দত্তই নৃত্য শিল্পী ষড়ানন বৰঠাকুৰৰ সহযোগত আৰু সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড০ শিলা বৰঠাকুৰৰ নেতৃত্বত কিদৰে এই অনুষ্ঠান আগুৱাই গৈছে সেই সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ সভাত লেখিকা সমাৰোহ সমিতিয়ে ২০১৮ বৰ্ষৰ সুসংগঠকৰ বঁটা কাৰ্বি আংলংৰ ডিফু লেখিকা সমাৰোহ সমিতিৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ থকা সুলেখিকা সাবিত্ৰী গগৈক প্ৰদান কৰে৷
এখন মানপত্ৰ, চাদৰ, গামোচা আৰু শৰাই লগতে নগদ ১০ হাজাৰ টকা সহ এই বঁটা প্ৰদান কৰে৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বিগত ৬ বছৰে এই বঁটা প্ৰদান কৰি অহাৰ লগতে এই বঁটা প্ৰদানত সঞ্জীৱ বৰঠাকুৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে৷ বঁটা প্ৰদানৰ এই অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অৱনী শৰ্মাই বিশিষ্ট অতিথি আৰু মৌচুমী কণ্ডলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৃত্যশিল্পী ষড়ানন বৰঠাকুৰ জীৱন দৰ্শনৰ লগতে সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে৷
সুসংগঠকৰ বঁটা গ্ৰহণ কৰি লেখিকা সাবিত্ৰী গগৈয়ে আজিৰ দিনটো মোৰ বাবে এটা উল্লেখযোগ্য দিন বুলি কয়৷ এই বঁটা লাভ কৰাৰ লগে লগে মোৰ দ্বায়িত্ব বাহিল৷ ১৯৮৬ চনত লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত হোৱাৰ পিছত সমিতিৰ কেইবাগৰাকীয়ো বিশিষ্ট মহিলা তথা সভানেত্ৰীক লগ পাইছিলো আৰু তেওঁলোকে মোক সদায় সাহস আৰু প্ৰেৰণা দিছিল বুলি কয়৷
পাহাৰীয়া জিলাখনত অনুকূল পৰিবেশতকৈ প্ৰতিকূল পৰিবেশ বেছি৷ কিন্ত ডিফুৰ ৰাইজে মোক সদায় সহায় আৰু আৰ্শীবাদ দি আহিছে৷ গুৱাহাটী, ধুবুৰী, নলবাৰী, গোৱালপাৰা, ডিফুৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক লেখিকা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সম্পাদিকা মনোমতী কুৰ্মীয়ে আদৰণি ভাষণ দিয়ে৷
সভাৰ আৰম্ভণিতে বিশিষ্ট নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ তেজপুৰৰ পদুম পুখুৰীৰ পাৰত অৱস্থিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সভাত পদ্মশ্ৰী ড০ শিলা বৰঠাকুৰ, শিক্ষাবিদ মৃণালিনী চেতিয়া, সুলেখিকা কবিতা ৰাজগুৰুৰ লগতে অসমৰ বহুকেইগৰাকী বিশিষ্ট মহিলা উপস্থিত থাকে৷