
লাহোৱালঃ ডিব্ৰুগড়ৰ বিশিষ্ট সাংবাদিক, কবি, নিৱন্ধকাৰ ভূষণজ্যোতি সন্দিকৈৰ নাম 'ভাৰতীয় দলিত সাহিত্য অকাডেমী'য়ে 'বাবা চাহেব ড০ বি আৰ আম্বেদকাৰ নেচনেল ফেলশ্বিপ এৱাৰ্ড ২০১৭' বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। অহা ৯ আৰু ১০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিতব্য 'ভাৰতীয় দলিত সাহিত্য অকাডেমী'ৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনত এই বঁটা প্ৰদান কৰা হ'ব।
ডিকম হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা, কানৈ মহাবিদ্যালয়ৰ স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সন্দিকৈয়ে কলেজীয়া দিনৰে পৰা সাহিত্য চৰ্চা আৰু সাংবাদিকতা কৰি আহিছে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈ আৰু সুশীলাবালা সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ ভূষণজ্যোতি সন্দিকৈ বাওঁ ভাৱাদৰ্শৰ এগৰাকী যুক্তিবাদী লেখক।
তেওঁৰ প্ৰকাশিত গ্ৰন্থ- ' সাংস্কৃতিক সাম্ৰাজ্যবাদ আৰু অন্যান্য প্ৰসংগ( ২০০৯)', 'নিসংগ পক্ষীৰ গান ( গীতৰ সংকলন)', ' বোকা মাটিৰ গান ( কাব্য সংকলন )', আৰু সম্পাদিত গ্ৰন্থ ' বেজবৰুৱাৰ সৌৰভ ( অসম সাহিত্য সভা ২০১৪)। তেওঁৰ দ্বাৰা ৰচিত ৫ টা খণ্ডৰ অনাতাঁৰ ধাৰাবাহিক ' মায়ামৰা নৱবৈষ্ণৱ সমাজঃ ইতিহাস আৰু ঐতিহ্য' আৰু ১৩ টা খণ্ডৰ অনাতাঁৰ ধাৰাবাহিক 'মৰাণ সংস্কৃতিৰ সুষমা'।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ 'আজিৰ দিনটো' শীৰ্ষক অনুষ্ঠানটোৰ এগৰাকী নৈমিত্তিক প্ৰস্তুতকাৰক হিচাপে কাম কৰাৰ উপৰিও সাপ্তাহিক 'অসম বাণী' কাকতত ডিব্ৰুগড়ৰ পৰা সংবাদ সেৱা আগবঢ়াই আছে। তেখেত শিপা (জীৱন সভ্যতাৰ) এগৰাকী অন্যতম প্ৰশাসক। লাহোৱাল প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহক কৰে।
তেখেতৰ বঁটা প্ৰাপ্তিত বিভিন্ন দল-সংগঠন, লাহোৱাল প্ৰেছ ক্লাৱ আৰু সাহিত্যনুৰাগী ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে।