
চাবুৱাঃ ইটোৰ পিছত সিটো বিপ্লৱী গীত গাই জনপ্ৰিয় হৈ ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়ালৈ মটক যুৱ-ছাত্ৰ পৰিষদে কেইদিনমানৰ আগতে শিল্পীগৰাকীক ‘বিপ্লৱী শিল্পী’ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।
তাৰ পাছতেই আজি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অহা ২২ অক্টোবোৰ দেওবাৰে মটক যুৱ ছাত্ৰ পৰিষদ আৰু সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা কণ্ঠশিল্পী ৰাজীৱ শদিয়াক ‘বিপ্লৱী শিল্পী’ বঁটা প্ৰদান কৰাৰ লগতে জেষ্ঠ শিল্পী লুইত গগৈ, শিল্পী হৃতিস্মান দত্ত আৰু বিদ্যুৎ বিকাশ চেতিয়াক সম্বৰ্ধনা জনোৱা হ'ব বুলি ঘোষণা কৰে।