
newsnextone.com। বিলাসীপাৰাঃ সমগ্ৰ ভাৰতবৰ্ষৰ ৫০ কোটি মানুহক সামৰি ভাৰত চৰকাৰে ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুষ্মান ভাৰত আঁচনিৰ স্মাৰ্ট কাৰ্ড ধুবুৰী জিলাত বিতৰণৰ শুভাৰম্ভ কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে।
দেওবাৰে বিধায়ক গৰাকীয়ে জিলাখনৰ বিলাসীপাৰাৰ অন্তৰ্গত ৰানীগজ্ঞ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাৱে স্বাস্থ্য বিভাগৰ এই অভিলাসী আঁচনি খনৰ স্মাৰ্ট কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে।
প্ৰথম অৱস্থাত বিলাসীপাৰা উন্নয়ন খণ্ডৰ মুঠ ৭৭৯৬ গৰাকী ব্যক্তিক সাঙুৰি লোৱা হৈছে এই আঁচনি খনত। ইপিনে একেদিনাই ৰানীগজ্ঞ শিৱ মন্দিৰত MSDP আচনিৰ অধীনত ৪লাখ টকা ব্যয় সাপেক্ষে পকী দেয়ালৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংহীয়ে।