ওদালগুৰিত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভণি

newsnextone.com | ওদালগুৰিঃ সমগ্ৰ দেশৰ লগতে ওদালগুৰিতো আজি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত ‘আয়ুষ্মান ভাৰত’ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ওদালগুৰি দূৰ্গা পূজা মণ্ডপ চৌহদত অনুষ্ঠিত শুভাৰম্ভণি কাৰ্যসূচীটো মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাৱ দৈমাৰীয়ে। 

ভাষণ প্ৰসংগত তেওঁ আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে পাব পৰা সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানৰ মাজতে প্ৰজেক্টৰযোগে ঝাড়খণ্ডত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। 

আজিৰ অনুষ্ঠানত ২৬ গৰাকী হিতাধিকাৰীক আঁচনিৰ পত্ৰ প্ৰদান কৰা হয়। সমগ্ৰ জিলাখনৰ ৯২ হাজাৰ পৰিয়ালে এই আঁচনিৰ কাৰ্ড লাভ কৰিব আৰু প্ৰথম পৰ্যায়ত ৮০ হাজাৰ পৰিয়ালেহে এই আঁচনিৰ অন্তৰ্ভূক্ত হ’ব। 

অনুষ্ঠান চলি থকাৰ সময়তে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাত উপস্থিত অতিথিসকলৰ মুখত অস্বস্তিৰ ভাৱ পৰিস্ফুত হোৱা দেখা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, এমচিএল‌এ ৰিপেন দৈমাৰীৰ লগতে আন বহু লোক।