
কামপুৰঃ জন্মৰ পাছৰে পৰা মাতৃৰ বাবে সন্তানটো আলাসৰ লাড়ু হৈ পৰে৷ মাতৃৰ পৰা পৃথিৱীৰ সমস্ত কথা আহৰণ কৰে সন্তানটোৱে৷ মাতৃৰ কোলাখনেই সকলোতকৈ সুৰক্ষিত বুলি ভবা হয় সন্তানটোৰ বাবে৷ সন্তানটোক এৰি কিছু সময় আতৰি থাকিব নোৱাৰে মাতৃয়ে৷ মাতৃৰ মৰমৰ অৱদানৰ বাবেই সন্তানে পৃথিৱীত পানীকেচুৱাৰ পৰা এদিন বৰ মানুহ হয়৷
জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷
কিন্তু সকলো সংজ্ঞা সলনি কৰি এটি অমানৱীয় কাণ্ড সংঘটিত কৰিলে এগৰাকী মাতৃয়ে৷ নিজ সন্তানটোৱে কান্দি থকাৰ বাবেই পুখুৰীত পেলাই দিয়াৰ দৰে হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত৷
যেন আকৌ এবাৰ ভু-লুণ্ঠিত হ’ল মানৱতা৷ জন্মদাত্ৰী মাতৃয়ে মাৰি পেলোৱাৰ উদ্দেশ্যে ভৰা পুখুৰীত পেলাই দিলে তিনিমহীয়া সন্তানক৷ এই ঘটনাই প্ৰামণ কৰে সমাজ খনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গৈছে মানৱতা৷ একাংশ মানুহে মানৱতা সঁচাকৈয়ে যেন হেৰুৱাই পেলাইছে৷ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷
এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কামপুৰৰ পালেংতলিত৷ নগাঁৱৰ বোৱালগুৰিৰ ৰূপজ্যোতি বৰদলৈ নামৰ মহিলাগাৰকীয়ে সংঘটিত কৰিছে এই ঘটনা৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক৷
কান্দি থকাৰ বাবেই তিনিমহীয়া কেচুৱাক পুখুৰীত দলিয়াই দিয়ে দস্যু মাতৃয়ে৷ ৩১ মাৰ্চত পুখুৰীত দলিয়াই কেচুৱাটোক কোনাবাই নিয়াৰ নাটক ৰচনা কৰিছিল যদিও অৱশেষত মাতৃয়ে স্বীকাৰ কৰে পুখুৰীত দলিয়াই দিয়াৰ কথা৷ ০১ এপ্ৰিলত উদ্ধাৰ হয় কেচুৱাৰ মৃতদেহটো৷
জানিব পৰা মতে, নগাঁৱৰ বোৱালগুৰিৰ ৰাতুল বৰদলৈ নামৰ যুৱকজনে একেখন জিলাৰে বৰক'লা পালেংতলিৰ ৰূপজ্যোতি বৰদলৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল৷ ৰূপজ্যোতি বৰদলৈয়ে তিনিমাহ পূৰ্বে জন্ম দিছিল এটি কন্যা সন্তান৷ মহিলাগৰাকীয়ে স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ যায়৷ পিতৃ গৃহত সন্তানটোৱে কান্দি থকাৰ বাবে পুখুৰীৰ পানীত পেলাই দিয়ে৷
আৰক্ষীৰ সন্মুখত দস্যু মাতৃগৰাকীয়ে সন্তানটোৱো ঘৰত কান্দি থকাৰ বাবেই পুখুৰীত পেলাই দিয়া বুলি কয়৷ বেবেজিয়া আৰক্ষী মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেচুৱাৰ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰে৷