মৰমৰ পত্নীৰ মৃতদেহ কান্ধত লৈ ঘৰ পালে চাদিকে...পঢ়ক এই বাতৰি

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউন জিলাত স্বামীয়ে পত্নীৰ মৃত শৰীৰ কান্ধত তুলি চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ গৈ থকাৰ এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনাৰ পিছতেই ৰাজ্যখনৰ চিকিৎসা বিভাগৰ চৰম বিফলতা প্ৰকাশ পাইছে বুলি মন্তব্য কৰিছে বিভিন্ন জনে৷

ইফালে এই মৰ্মান্তিক ঘটনাৰ দৃশ্য সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষই৷  

জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ডা০ নেমি চন্দ্ৰাই মঙলবাৰে কৰা মন্তব্য অনুসৰি জিলাখনৰ মুচাজগ থানাৰ অন্তৰ্গত মজাৰা গাঁৱৰ মুনীষা নামৰ মহিলাগৰাকী সোমবাৰে অসুস্থ হৈ পৰাত মহিলাগৰাকীৰ স্বামী চাদিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে৷

কিন্তু জিলা চিকিৎসালয়ত পুৱাই ভৰ্তি হোৱা অসুস্থ মহিলাগৰাকীক চিকিৎসকসকলে কোনো চিকিৎসা প্ৰদান নকৰাত দুপৰীয়াৰ ভাগত মহিলাগৰাকীৰ মৃত্যু ঘটে৷ আনহাতে এখন ব্যক্তিগত এম্বুলেঞ্চেৰে মৃত পত্নীৰ শটো ঘৰলৈ নিবলৈ দৰিদ্ৰ চাদিকৰ নাছিল পৰ্যাপ্ত ধন৷ 

অভিযোগ অনুসৰি, চাদিকে এখন চৰকৰী এম্বুলেঞ্চৰ বিচাৰি মুখ্য চিকিৎসা অধীক্ষক ডা০ আৰ এছ যাদৱক পত্ৰযোগে আবেদন কৰিছিল যদিও এই বিষয়ত চিকিৎসা বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাত অৱশেষত দুৰ্ভগীয়া স্বামীয়ে পত্নীৰ মৃতদেহ কান্ধত তুলি ঘৰলৈ ৰাওনা হয়৷ 

কান্ধত মৃতদেহ লৈ স্বামী খোজ কাঢ়ি গৈ থকা দেখি অৱশেষত কেইজনমান সুহৃদ ব্যক্তিয়ে পইচা গোটাই এখন গাড়ীৰে মৃতদেহটো লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ 

ইফালে মুখ্য চিকিৎসা বিষয়া ডা০ নেমি চন্দ্ৰাই কয় যে, ঘটনা সন্দৰ্ভত যেতিয়া মুখ্য চিকিৎসা অধীক্ষক ডা০ আৰ এছ যাদৱক সোধা হৈছিল তেতিয়া জানিব পৰা যায় যে চাদিকে পত্ৰ যোগে এম্বুলেঞ্চৰ বাবে আবেদন কৰাৰ কিছু সময় পিছতে তাৰ পৰা গুছি যায়৷ পিছত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক চিকিৎসালয় চৌহদত বিচাৰে যদিও তেওঁক বিচাৰি নাপায়৷    

মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয় যে জিলা চিকিৎসালয়ে মৃতদেহ ঘৰলৈ নিবৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা কৰি নিদিয়াটো এক অক্ষমনীয় অপৰাধ৷ এই ঘটনা বিচাৰৰ বাবে এখন কমিটি গঠন কৰা হ’ব বুলি মন্তব্য কৰি দোষী কৰ্মী আৰু চিকিৎসকক উচিত শাস্তি বিহা হ’ব বুলি মন্তব্য কৰে নেমি চন্দ্ৰাই৷