অভিশপ্ত বাঘজানৰ ৫ বছৰ সম্পূৰ্ণ... দুঃসহ স্মৃতিৰে পালন ‘ক’লা দিন’

তিনিচুকীয়াঃ বিশ্ব কঁপাই যোৱা বাঘজান অইল বিস্ফোৰণ কাণ্ডই আজি সম্পূৰ্ণ কৰিলে পাঁচটা বৰ্ষ। তিনিচুকীয়া জিলাৰ বাঘজানত ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত বি জি এন-৫ তৈল কূপত অহৰহভাৱে গেছ নিৰ্গত হৈ ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। 

ঘটনাটো ইমানেই ভয়াৱহ আছিল যে সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। জুইত জাহ গৈছিল অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষী, ৰাষ্ট্ৰীয় সম্পদ শিহুকে ধৰি দুষ্প্ৰাপ্য হলৌ বান্দৰ। মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী (লোহিত) নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ শ শ বিঘা কৃষিভূমি। 

ঘটনাটোত অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ  বিদ্যুৎ বিভাগৰ কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ, উমেশ প্ৰসাদকে ধৰি মুঠ পাঁচজনকৈ লোকৰ প্ৰাণ গৈছিল। এক কথাত মৃত্যু উপত্যকালৈ পৰিণত হৈছিল বাঘজান। তীব্ৰ শব্দ, কম্পন, বায়ু প্ৰদূষণেৰে অস্থায়ী আশ্ৰয় শিবিৰত পাৰ কৰিছিল প্ৰায় ছমাহ দিন-ৰাতি জীয়া-যন্ত্ৰণাৰ মাজত। 

সমান্তৰালকৈ অগ্নিকাণ্ড নিৰ্বাপন কৰা, ঘটনাৰ ফলত হোৱা প্ৰকৃতি আৰু মানুহৰ ক্ষয়-ক্ষতিৰ উচিত মূল্যৰ দাবীত দিনে-নিশাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ ধাৰা এনেকুৱা পৰ্যায় পাইছিল যে গুৱাহাটী মহানগৰীত গৈ অৰ্ধ উলংগ, জুইৰ অভিমুখে যাত্ৰা কৰি আত্মজাহৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এমাহ ধৰি তাতে আশ্ৰয় শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰিছিল বাঘজানবাসীয়ে। 

অভিশপ্ত বাঘজান অইল বিস্ফোৰণৰ ঘটনাই পাঁচটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক। বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে। ঘটনাৰ পিছত কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনেও মৃত্যুমুখত পৰিছে। 

স্মৰ্তব্য যে, ঘটনাৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্ভগীয়া বাঘজানবাসীৰ অস্থায়ী আশ্ৰয় শিবিৰত উপস্থিত হৈ ঘোষণা কৰিছিল বহুকেইটা বিশেষ আঁচনি। এই আঁচনিসমূহৰ ভিতৰত অন্যতম আছিল আদৰ্শ চিকিৎসালয় নিৰ্মাণ, বান-গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে মথাউৰি নিৰ্মাণ, উন্নতমানৰ পশু চিকিৎসালয় নিৰ্মাণ, উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন, যুৱ প্ৰজন্মৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন, মহিলা আত্মসহায়ক গোটলৈ বিশেষ সহযোগিতা আগবঢ়োৱা, মাগুৰি বিলক বিশ্বৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া ইত্যাদি। 

কিন্তু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা আঁচনিসমূহৰ ভিতৰত আজিৰ তাৰিখত কোনোটোৱেই সম্পূৰ্ণ হৈ নুঠিল। উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হ’ল যদিও আজি পৰ্যন্ত মুকলি কৰা নহ’ল। পশু চিকিৎসালয় নিৰ্মাণ হ’ল যদিও চিকিৎসক নিয়োগৰ ব্যৱস্থা আজিলৈকে নহ’ল। সম্প্ৰতি হাবি-জংঘলেৰে আৱৰি ধৰিছে। বান-গৰাখহনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মথাউৰি নিৰ্মাণৰ বাবে আবণ্টন দিয়া ২৭ কোটি টকাৰ মাত্ৰ ৪ কোটি টকাৰহে ব্যয় হ’ল যদিও বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নোহোৱাৰ বাবে এতিয়া নদীৰ বুকুত জাহ গৈছে। 

আনহাতে আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা আজিলৈকে নহ’ল আৰু উল্লেখিত অন্য আঁচনিসমূহৰ আজি পৰ্যন্ত কাৰ্যকৰী নহ’ল। ২০২০ বৰ্ষৰ ২৭ মে' দিনটো কেৱল বাঘজানবাসীৰ বাবেই বেয়া দিন নহয়, সমগ্ৰ দেশবাসীৰ লগতে বিশ্বৰ বাবে এক বেয়া দিন হিচাপে ইতিহাসত চিহ্নিত হৈ ৰ’ব। সেই অভিশপ্ত দিনটোক সুঁৱৰি প্ৰতিবছৰে বাঘজানবাসীয়ে ক’লা দিন হিচাপে পালন কৰি আহিছে। 

বিগত বৰ্ষৰ দৰে আজিও বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসীৰ সহযোগত  বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত পঞ্চম বাৰ্ষিক ''ক'লা দিন'' পালন কৰা হ'য়। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি তিলক নেওগ, অসম মৰাণ সভাৰ বাঘজান শাখাৰ সভাপতি ৰূপম মৰাণ আৰু মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা প্ৰাঞ্জল গগৈয়ে। 

ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়া, প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা, উপ-সভাপতিদ্বয় পোণা মৰাণ, ৰণ্টু মৰাণ আৰু সহকাৰী সম্পাদক মিণ্টু মৰাণে। স্মৃতি তৰ্পণ কৰি ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰে। সংঘৰ উপদেষ্টা যতীন চেতিয়াই আজি দিনটো ক'লা দিন হিচাপে অনাগত দিনতো পালন কৰি যাব আৰু ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেড, চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 

আনহাতে ঘটনাৰ সময়ত বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়োৱা বিভিন্ন দল-সংগঠন, ব্যক্তি, সামাজিক মাধ্যম, চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই। বাঘজান অইল বিস্ফোৰণৰ দৰে ঘটনা অনাগত দিনত আন ক’তো নহওক তাৰে কামনা কৰিছে বাঘজানবাসীয়ে। 

উল্লেখ্য যে সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰত বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞসকলৰ‌ প্ৰচেষ্টাত আৰু অ' এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত অভিশপ্ত অগ্নিকাণ্ড নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।