বাঁহবাৰী উষা নাট্য সমাজৰ শীৰ্ষ গীত উন্মোচন

newsnextone.com। তেজপুৰঃ তেজপুৰ বাঁহবাৰী উষা নাট্য সমাজৰ শীৰ্ষ গীতটি বুধবাৰে উন্মোচন কৰা হয়। উন্মোচনী  অনুষ্ঠানত গীতটো উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী, জ্যেষ্ঠ সাংবাদিক ‘আমাৰ অসম’ কাকতৰ গৌতম শৰ্মাই। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ অনুষ্ঠিত অনুষ্ঠানত উন্মোচিত গীতৰ কথা আৰু সুৰ প্ৰাঞ্জল শইকীয়াৰ। সংগীত ব্যৱস্থাপনা-সীমান্ত কাকতি, কণ্ঠশিল্পী পংকজ বৰদলৈ, দুৰ্গাময়ী বৰা, প্ৰাঞ্জল শইকীয়া আৰু অন্বেষা কাঞ্চন বৰা। শীৰ্ষ গীতটিৰ বাণীবন্ধন কৰা হয় ষ্টুডিও বাণত।