
নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ হেমবৰুৱা বিদ্যাপীঠ প্ৰাংগনত সোমবাৰে শাসকীয় দল বিজেপিৰ এখন সভা অনুষ্ঠিত হয়৷ বিজেপি নেতা জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, পঞ্চায়ত সভাপতি ফণিল মেধি, বিনোদ তালুকদাৰ, বিৰাজ মেধি, খগেন ডেকা, শুভজিত মল্ল বুজৰবৰুৱা, পৰাগ চক্ৰৱৰ্তী সহ সহস্ৰাধিক লোকে উপস্থিত থাকে।
সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা উপস্থিত থাকি ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে লোৱা আঁচনি সমূহ ৰাইজৰ ওচৰলৈ লৈ যোৱা হৈছে বুলি কয়। যাৰ ফলত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কথা ৰাইজ অৱগত হৈছে। কংগ্ৰেছ চৰকাৰৰ কোনো আঁচনিৰ কথা ৰাইজে জনা নাছিল বুলিও কয়৷