কমলপুৰত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ... মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ কমলপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয়ত দেওবাৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে মধ্যাহ্ন ভোজনৰ আঁচনি বেচৰকাৰী সংস্থাক গটোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ৰন্ধন কৰ্মীক মাহে ৫০০০ টকাকৈ অতিৰিক্ত মাননি দিয়া, বছৰটোত প্ৰতি মাহে মাননি দিয়া, ৰন্ধন কৰ্মীৰ বাবে পেঞ্চন, চিকিৎসা সাহায্য প্ৰদান আদি কৰি বিভিন্ন দাবীত ৰন্ধন কৰ্মীয়ে উত্তাল কৰে কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়। 

আন্দোলনকাৰীসকলে দাবীসমূহ উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰদান কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ জৰিয়তে। আন্দোলনত কমলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ ৰন্ধন কৰ্মীয়ে অংশগ্ৰহণ কৰে।