মৰাণ থানাৰ গোচৰত অখিলক জামিন, এইবাৰ গ্ৰেপ্তাৰ কৰিব দুধনৈ আৰক্ষীয়ে

চাবুৱা/গুৱাহাটীঃ শুকুৰবাৰে ডিব্ৰুগড় আদালতে জামিন মঞ্জুৰ কৰিলে অখিল গগৈৰ৷ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব ভবা হৈছ যদিও আশংকা এতিয়াও দবৰ হোৱা নাই ৷

মৰাণ থানাৰ গোচৰত জামিন লাভ কৰাৰ পিছতে চৰকাৰে আন এটা গোচৰত গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে বুলি দানিব পৰা গৈছে৷ মুকলি আকাশৰ তললৈ ওলাই নাহিবৰ বাবে পুৰণি গোচৰত আটক কৰাৰ বাবে সাজু হৈছে চৰকাৰ তথা আৰক্ষী৷ শুকুৰবাৰে অখিলে মৰাণ থানাৰ গোচৰত জামিন লাভ কৰে৷ 

ডিব্ৰুগড় আদালতে জামিন দিয়াৰ পিছতে ১১২/২০১৭ নম্বৰৰ গোৱালপাৰাৰ দুধনৈ থানাৰ এটা গোচৰত অখিলক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে৷ ডিব্ৰুগড়ৰ চিজিএম কোৰ্টত দুধনৈৰ গোচৰ খাৰিজ কৰাৰ পিছতো আৰক্ষী যেন নাচোৰ বান্দা হৈ অখিলক গ্ৰেপ্তাৰ কৰিবলৈ৷ চৰকাৰে যিকোনো প্ৰকাৰে অখিলে মুকলি হোৱাটো বিছৰা নাই বুলি অভিযোগ উত্থাপন হয়৷

NSAৰ অধীনত আটক কৰি ন্যায়ালয়ত মুখ থেকেছা খোৱাৰ পিছতো অসম চৰকাৰে কৃষক নেতা অখিল গগৈৰ কোনো প্ৰকাৰে জড়িত নথকা দুধনৈ থানাৰ এটা গোচৰত গ্ৰেপ্তাৰৰ যো-জা চলাইছে। জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া দুধনৈ আৰক্ষীৰ বৃহৎ দল ডিব্ৰুগড়ত উপস্থিত হয়৷ ইতিমধ্যে ডিব্ৰুগড় আদালতত দুধনৈ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিবৰ বাবে সাজু হয়৷

অখিল গগৈ বৰ্তমানেও ডিব্ৰুগড় জেলতে থকা বুলি জানিব পৰা গৈছে।