কাৰ্বি স্বায়ত্ত পৰিষদে বাতিল কৰিলে ৰয় বেকাৰীৰ ট্ৰেড লাইচেন্স

ডিফুঃ অৱশেষত দল-সংগঠনৰ দাবীক সন্মান জনাই কাৰ্বি পৰিষদে সাময়িক ভাৱে খাৰিজ কৰে ডিফুৰ প্ৰখ্যাত ৰয় বেকাৰীৰ বহু চৰ্চিত ব্যৱসায়িক ট্ৰেডিং লাইচেন্স খন৷ উল্লেখ যোগ্য যে ১০ অক্টোবৰত ডিফুত ৰেংমা নগা সকলৰ এক বিশেষ অনুষ্ঠানত প্ৰখ্যাত ৰয় বেকাৰীৰ পৰা ক্ৰয় কৰা ছেন্দুইছ খাই প্ৰায় ৪০গৰাকীকৈ লোক অসুস্থ হৈ পৰাত বেকাৰী বন্ধৰ দাবীত ইউনাইটেড কাৰ্বি ষ্টুডেণ্টছ এছ' চিয়েছনকে ধৰি ৭টাকৈ সংগঠনে প্ৰতিবাদ তথা দাবী জনাই আহিছিল৷ ৰয় বেকাৰীৰ খাদ্যত বিষ ক্ৰিয়া হোৱাৰ অভিযোগ আনি শীঘ্ৰে বেকাৰী খনৰ ট্ৰেডিং লাইচেন্স বাতিল কৰিব লাগে বুলি কাৰ্বি পৰিষদ কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে৷

উক্ত স্মাৰক পত্ৰৰ ভিত্তিত জিলা স্বাস্থ বিভাগৰ যুটীয়া সঞ্চালকালয়ে যোৱা ১০ নৱেম্বৰত বিষক্ৰিয়াৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰে যদিও চূড়ান্ত প্ৰতিবেদন দাখিল কৰাত ব্যৰ্থ হয়৷ তৎস্বত্বেও সংঠনৰ হেঁচাত প্ৰাথমিক তদন্তৰ প্ৰতিবেদন লাভ কৰিয়েই ৰয় বেকাৰীৰ ট্ৰেডিং লাইচেন্স খন চূড়ান্ত প্ৰতিবেদন নোপোৱালৈকে সাময়িক ভাবে খাৰিজ কৰাৰ নিৰ্দেশ জাৰী কৰে৷ স্বাস্থ্য বিভাগৰ চূড়ান্ত প্ৰতিবেদন নোপোৱালৈকে উক্ত ট্ৰেডিং লাইচেন্স কোনো ব্যৱসায়িক বৈধতা নাথাকিব৷

আনহাতে এমাহ ধৰি বন্ধ হৈ থকা ৰয় বেকাৰী  যোৱা ১০ নৱেম্বৰত হঠাৎ খুলি দিয়াক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কেইবাটাও সংগঠনে ক্ষুণ্ণ হৈ ডিফুৰ মূল বজাৰ বন্ধ কৰি দিয়াত গ্ৰাহক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল এক প্ৰকাৰ পণবন্দী হৈ পৰে৷ ৰয় বেকাৰীৰ ট্ৰেডিং লাইচেন্স আৰু সংগঠনৰ আংতং ইংতি কাথাৰক দূৰ্ব্যহাৰ কৰা ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন নকৰালৈকে মূল বজাৰ বন্ধ থাকিব বুলি সংবাদ মেলযোগে সদৰি কৰিছিল৷ আনহাতে বাতৰি লিখা পৰলৈকে ডিফু বজাৰ খোলা নাই যদিও কালিলৈ খোলাৰ সম্ভাৱনা আছে৷

ইফালে দেোবাৰে পুৱা কাৰ্বি পৰিষদৰ কৰ বিভাগৰ উপ-সচিবৰ আহ্বান মৰ্মে পৰিষদৰ অধ্যক্ষৰ বাসভৱনত ৰয় বেকাৰী ঘটনা সন্দৰ্ভত আলোচনাৰ অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰি একাংশ সাংবাদিক আলোচনা কক্ষত প্ৰৱেশ কৰি বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত কোনো এক সংগঠনৰ সদস্যই সাংবাদিক সকলক এক বাহিৰলৈ ওলাই অহাৰ নিৰ্দেশ দিয়ে৷ তাৰ পিছত সাংবাদিক সকল বাহিৰত ওলাই আহে৷ উল্লেখ যোগ্য যে সাংবাদিক সকলৰ প্ৰৱেশ কালত বাধা প্ৰধান নকৰি বাতৰি সংগ্ৰহৰ সময়ছোৱাত অৱস্থাত এনেদৰে বাহিৰত ওলাই যাবলৈ ঘটনাত সাংবাদিক সকলে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷