যোৱা ৫ মাহত এদিনো স্কুল পৰিদৰ্শন কৰিবলৈ যোৱা নাই বাক্সা জিলাৰ CRCC-এ

newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহীয়ে সময়ে সময়ে শিক্ষা বিভাগৰ পৰিৱৰ্তনৰ কথা কৈ আহিছে যদিও সেয়া কেৱল ফুটুকাৰ ফেনহে মাথোন৷ কিয়নো ৰাজ্য চৰকাৰৰ কোনো কথাই নুশুনে একাংশ শিক্ষাবিভাগৰ শিক্ষক-কৰ্মচাৰীয়ে৷ শিক্ষা বিভাগে গ্ৰাম্য এলেকাৰ শিক্ষাৰ উন্নয়নৰ বাবে চিআৰচিচিসকলক বিভিন্ন ব্যৱস্থা প্ৰদান কৰি বিদ্যালয়সমূহ পৰিদৰ্শন কৰি লাভ কৰা তথ্য চৰকাৰক প্ৰেৰণ কৰাৰ নিৰ্দেশ জাৰি কৰে৷ যাৰ দ্বাৰা পাঠদানত গাফিলতি শিক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়৷

সৰ্বশিক্ষা অভিযানৰ কাহিলীপাৰাস্থিত কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰ ফাদিল হোৱাত ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে বিটিএডিৰ চাৰিখন জিলাৰ শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে৷ পত্ৰখনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শনৰ দায়িত্বত থকা একাংশ চিআৰচিচিয়ে দায়িত্ব পালনত গাফিলতি কৰাৰ কথা পোহৰলৈ আহিছে। চিআৰচিচিসকলে মাহত এবাৰকৈ হ’লেও প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰি তাৰ চিন স্বৰূপে উপস্থিতিৰ তথ্য তেওঁলোকক চৰকাৰে দিয়া টেবলেটৰ জৰিয়তে অনলাইন পোৰ্টেলত আপলোড কৰিব লাগে যদিও সেই নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে পত্ৰ খনত৷ পত্ৰখনে উদঙাই দিছে তেওঁলোকে কৰ্তব্যত কৰি অহা গাফিলতিৰ কথা।  

বিশেষকৈ এই পত্ৰই ধুমুহাৰ সৃষ্টি কৰিছে বিটিএডি এলেকাত৷ বিটিচি অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ পুতৌ লগা তথ্য পোহৰলৈ আহিছে। পত্ৰখনৰ পৰা লাভ কৰা তথ্য অনুসৰি যোৱা ৫ মাহত বিটিচিৰ ৪ খন জিলাত চিআৰচিচিসকলৰ পৰিদৰ্শনৰ সময় শূন্য বুলি কলেও বঢ়াই কোৱা নহ’ব। বিগত ৫ মাহত বাক্সা জিলাৰ চিআৰচিচি সকলে এখনো বিদ্যালয় পৰিভ্ৰমণ কৰি অনলাইন পোৰ্টেলত আপলোড কৰা নাই তথ্য। বাক্সা জিলাৰ দৰে পিছপৰা জিলা এখনত এনেদৰে চিআৰচিচিসকলে কৰ্তব্যত গাফিলতি কৰাৰ বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে৷ চৰকাৰে দিয়া টকা কেইটাৰে ঘৰ চলাই যদিও কিন্তু চৰকাৰৰ নিৰ্দেশ পালন নকৰি গাফিলতি কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাক্সা জিলাত৷ এই সকল চিআৰচিচিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছে একাংশ লোকে৷ আনহাতে একাংশ চিআৰচিচিয়ে ৰাজনীতিত ব্যস্ত থাকি বিটিচিৰ ইএম-জিএমৰ পিছে পিছে ঘুৰি ফুৰি সময় পাৰ কৰে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যোৱা ৮ জুনত সৰ্বশিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালক ধ্ৰুৱজ্যোতি দাসে স্বাক্ষৰ কৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৰাজ্যৰ প্ৰতিখন জিলালৈ। পত্ৰখনত উল্লেখ কৰা হৈছে যে যিসকল চিআৰচিচিয়ে কৰ্তব্যত গাফিলতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব লাগে। লগতে চলিত বৰ্ষৰ বিগত জানুৱাৰী মাহৰ পৰা মে’ মাহলৈ কোনখন জিলাত চিআৰচিচিসকলে কিমানখন বিদ্যালয় ভ্ৰমণ কৰিছে বা ভ্ৰমণকালত কিমানগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী অনুপস্থিত আছিল সেই বিষয়েও বিতংভাৱে এখন তালিকা সংলগ্ন কৰা হৈছে।