
নলবাৰীঃ তেওৰ হাতত যেন যাদু আছে৷ আপুনি মই যিবোৰক পেলনীয়া সামগ্ৰী বুলি ভাবো সেইবোৰে তেওৰ হাতত প্ৰাণ পায়৷ যাক আমি ঘৰৰ পৰা ডাষ্টবিনত দলিয়াই দিও তেও সেইবোৰেৰে আপোনাৰ ঘৰ শুৱনি কৰিব পাৰে৷ তেও প্ৰতিদিনে পেলনীয়া সামগ্ৰীৰ সৈতে যুদ জি প্ৰাণ দিয়ে৷ তেও হ’ল অৰ্জুন নাথ৷ বাক্সা জিলাৰ বাগানপাৰাৰ শিৰাল গাঁৱৰ অৰ্জুন নাথ৷
পথৰ দাতিত, নতুবা অত ত’ত পৰি থকা চিপচৰ পেকেট, বিয়া সবাহত ব্যৱহাৰ কৰা পাত, থাৰ্মকল আদি সংগ্ৰেহ কৰে অৰ্জুনে৷ নাথে সেইবোৰেৰে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে৷ প্ৰায় ৯ বছৰ ধৰি নাথে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন প্ৰকাৰৰ ফুল, বিচনি আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে৷ বিদ্যালয় চৌহদত পৰিত্যক্ত চিপচৰ পেকেট, নানা ৰঙৰ প্লাষ্টিকৰ বেগ, নাইবা বিয়া-সবাহত ব্যৱহৃত বিভিন্ন ধৰণৰ পাত বুটলি আনি তাৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি আহিছে অৰ্জুন নাথে৷
পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰী সামগ্ৰীসমুহ বিভিন্ন ঠাইত বিক্ৰী কৰি মাহেকত উপাৰ্জন অৰ্থ উপাৰ্জন কৰি আহিছে অৰ্জুন নাথে৷ সম্প্ৰতি অৰ্জুন নাথৰ এই কামটো স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ হৈ পৰিছে৷ পৰিয়ালৰ সকলোৰে সহযোগত নাথে এতিয়া এক নতুন উচাহেৰে কাম কৰি গৈছে৷ সচা অৰ্থত বাক্সাৰ অৰ্জুন নাথে পেলনীয়া সামগ্ৰীৰে ফুল, বিচনি তৈয়াৰ কৰি এক স্বাৱলম্বিতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে৷