তেজপুৰৰ নপাম চাপৰিত সংখ্যালঘু ৰাইজৰ সহযোগত বালি বধ ভাওনা প্ৰদৰ্শন

newsnextone.com তেজপুৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ দেৱৰ অমৰ সৃষ্ট ভাওনা বতমান আধুনিকতাৰ প্ৰভাৱত প্ৰায় নাহোৱা হৈ পৰা দেখা গৈছে। ঠিক এনে সময়তে তেজপুৰত দেখা গল এক ব্যতিক্ৰমী দৃশ্য। তেজপুৰ সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত নপাম চাপৰিত মাত্ৰ ছটা হিন্দু সম্প্ৰদায়ৰ লোকে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক লৈ গঢ়ি তুলিছে এটা চুবুৰি।

যি সময়ত এন আৰ চিকে ধৰি অনেক সমস্যাক লৈ শংকিত হৈ আছে তেনে সময়তে চুবুৰি পাতি নামঘৰ পাতি সকলো মিলি সমন্বয় গঢ়াৰ চেষ্টা কৰিছে এইসকল লোকে। বিগত সময়ছোৱাত বিহু অনুষ্ঠিত কৰাৰ পিছত শনিবাৰে নিশা অনুষ্ঠিত কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বালি বধ ভাওনা।

মিলনপুৰ,ডিপোটা, পৰ্বতীয়া, বেচেৰিয়া আদি অঞ্চলৰ অভিনেতা সকলে পৰিবেশন কৰা ভাওনাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে অসমীয়া সাজ পাৰ পৰিহিত কৰি ভাওনাত ভাগ লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া জাতি অধিক শক্তিশালি কৰাৰ লগতে ভাওনা সংস্কৃতি সকলোৰে মাজত গ্ৰহণ কৰি আৰ্দশ হিচাপে গঢ়ি তোলা কাৰ্যই সকলো লোককে আনন্দিত কৰি তুলিছে।