
বালিপৰাঃ চৰকাৰ আহে চৰকাৰ যায় কিন্তু দৰিদ্ৰ লোকৰ অৱস্থা হলে কেতিয়াও উন্নত নহয়৷ দেশৰ চৰকাৰে দৰিদ্ৰৰ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰে যদিও সেয়া দৰিদ্ৰ পৰিয়াললৈ আহি নাপায়৷ একাংশ মন্ত্ৰী, বিধায়ক আমোলাই দৰিদ্ৰৰ ধন লুটি-পুটি খাই নোদোকা হয়৷ বিশেষকৈ আমাৰ ৰাজ্য খনত এনে কিছুমান পৰিয়াল আছে যাৰ থাকিবলৈ ঘৰ নাই৷
এটুপি বিশুদ্ধ পানী এসাজ ভাত, বস্ত্ৰৰ বাবে আজিও হাহাকাৰ কৰিব লগা হয়৷ আজি আনৰ ভূমিত লৰা-ছোৱালীৰ সৈতে জংঘলীৰ দৰে বাস কৰিব লগা হয়৷ তেনেই বহু পৰিয়াল আছে শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ ৰঙাপৰা সমষ্টিৰ বালিপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামগাঁৱত। যিবোৰ দৃশ্য দেখিলে চকুলো নিগৰে মানুহৰ৷ কিন্তু তাৰ মাজৰ এটা পৰিয়ালৰ যিটো জুপুৰিত বাস কৰে চকুৰে দেখিলে বিশ্বাস কৰিব নোৱাৰি তাত যে মানুহ থাকে৷
দৰিদ্ৰ পৰিয়ালটোৰ গৃহটো আজি পৰো কালি পৰো অৱস্থা৷ সম্পত্তি বুলিবলৈ একো নাই৷ মাথো আনৰ ভূমিত জুপুৰি সজাই বাস কৰে ৪টা সন্তানৰ সৈতে৷ জুপুৰিটোৰ বৰ্ণনা দিব নোৱাৰি৷ ঘৰৰ ভিতৰৰ পৰা আকাশৰ তৰা গণনা কৰিব পাৰি৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ মৃত্যু হৈছে৷ এতিয়া মহিলাগৰাকীয়ে ইঘৰ-সিঘৰত কাম কৰি আনৰ ভূমিত সজাই লোৱা জুপুৰিত বাস কৰি হাহাকাৰ কৰিব লগা হয়৷ এখন দেশৰ তথা ৰাজ্যৰ উন্নয়ন হোৱা বুলি কৈ থকা কথাবোৰে আঁচল স্বৰূপটো উদঙাই দিয়ে এনে দৃশ্য সমূহে৷
এখন ৰাজ্যৰ উন্নয়ন তেতিয়াই হ’ব যেতিয়া এখন অঞ্চলৰ বিকাশ হ’ব৷ কিন্তু পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গানৰে দিছপুৰ দখল কৰা বিজেপি চৰকাৰৰ উন্নয়নক লৈ সকলোৰে মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে। কাৰন উন্নয়নৰ নামত যে ৰাজ্য চৰকাৰে কেৱল মাত্ৰ আভূৱা ভাৰিছে সেয়া একাংশ অঞ্চলত ইতিমধ্যে স্পষ্ট হৈ পৰিছে। তাৰ জলন্ত উদাহৰণ হল শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ ৰঙাপৰা সমষ্টিৰ বালিপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামগাঁও।

উল্লেখ্য, অঞ্চলটোত চৰকাৰী ঘৰ অনুমোদনৰ নামত চলিছে চৰম অৰাজকতা। স্বামীৰ মৃত্যুৰ পাছত দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা মইনা ডেকাই দুগৰাকী কন্যা আৰু এটা পুত্ৰ সহ বিগত কেইবাবছৰ ধৰি জুপুৰিত দিন কটাইছে। মহিলাগৰাকীৰ সামৰ্থ নাই ঘৰৰ বেৰ এখন মেৰামতি কৰি লোৱাৰ। বিগত কেইমাহ পূৰ্বে প্ৰলয়ংকাৰী বানে মহিলাগৰাকীৰ সমগ্ৰ সা-সামগ্ৰী উটুৱাই নিয়ে।
ফলত এতিয়া মহিলাগৰাকিয়ে সন্তানসহ কোনোমতে গাঁও খনৰ এঘৰ লোকৰ ঘৰত নিশা পাৰ কৰে। কিন্ত দুখৰ জীৱন অতিবাহিত কৰা মহিলাগৰাকীক আজি পৰ্যন্ত খবৰ লবলৈ আহৰি পোৱা নাই কোনো এজন জন প্ৰতিনিধিয়ে।
মহিলাগৰাকীৰ নামত চৰকাৰী ঘৰ অনুমোদন দিয়া হৈছিল যদিওঁ মহিলাগৰাকীৰ উপাধিৰ খেলিমেলি কৰি ঘৰটোৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে পঞ্চায়তত বহুবাৰ এটি ঘৰ বিছাৰি আবেদন কৰাৰ পাছতো আজি পৰ্যন্ত এটি ঘৰ পাবলৈ সক্ষম নহ’ল। মহিলাগৰাকীৰ এতিয়া মাত্ৰ শেষ আশা তেওঁক চৰকাৰী সা-সুবিধা একো নালাগে কেৱল মাত্ৰ এটা ঘৰ লাগে।