বালিপৰাত বাইক ৰেলী

তেজপুৰঃ জম্মু কাশ্মীৰত সন্ত্রাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱান সকলৰ প্ৰতি সমগ্ৰ দেশে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে এনে হিংসাত্মক কাৰ্য্যৰ তীব্ৰ বিৰোধীতা কৰি শনিবাৰে বালিপৰাৰ যুৱকসকলে এক প্ৰতিবাদী বাইক ৰেলি উলিয়ায়৷

বালিপৰা কেন্দ্ৰস্থলৰপৰা কেইবা শতাধিক যুৱকে জাতীয় পতাকা লৈ ভাৰত মাতা কি জয়, পাকিস্তান মূৰ্দাবাদ, সন্ত্রাসবাদ নিপাত যাওঁক, বন্দে মাতৰম, আদি শ্ল’গান দি সমগ্ৰ অঞ্চল পৰিভ্ৰমনেৰে উত্তাল কৰি তোলে৷ 

প্ৰতিবাদকাৰী সকলে পাকিস্তানৰ এনে কাপুৰুষালিক একেমুখে গৰিহণা দি চৰকাৰক সন্ত্রাসবাদ কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি বালিপৰাৰ ব্যৱসায় প্ৰতিস্থানসমুহো স্বত্ব:স্ফূৰ্তভাৱে বন্ধ ৰখা হয়৷