বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ত শিশু দিৱস পালন

দলংঘাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে শিশু দিৱস পালন কৰা হয়৷ ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলে বিদ্যালয় খনত শিশু দিৱস পালন কৰাৰ লগতে এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে।

বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিমল চন্দ্ৰ ডেকাই উন্মোচন কৰে প্ৰাচীৰ পত্ৰিকা খন। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন লিখনি প্ৰকাশ পায় প্ৰাচীৰ পত্ৰিকা খন।