
দিচাংমুখঃ কেইটামান ঘন্টা পিছত পোহৰেৰে জিলিক উঠিব পৃথিৱী৷ হয়, পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘন্টা৷ দীপাৱলী অহাল লগে লগে পোহৰৰ উৎসৱটোক লৈ নানান উৎসাহ মানুহৰ মাজত৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰে৷ পৰম্পৰাগত ভাবে মৃৎ শিল্পীয়ে এই কৰ্মৰ জড়িয়তে পেটৰ ভাত মোকলাই।
দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে হাজাৰ হাজাৰ মাটিৰ চাকি সাজু কৰিছে। চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ।
শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত দীপাৱলীৰ প্ৰস্তুতি চলি থকাৰ মাজতে চীনা সামগ্ৰী বৰ্জন কৰি মাটিৰে নিৰ্মান কৰা চাকি আৰু অন্যান্য পূজাৰ সামগ্ৰীক ৰাইজে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। বহু দল-সংগঠনে চীনা সামগ্ৰী বৰ্জন কৰাৰ বাবে আহ্বান জনাই অহাৰ সময়তে শিৱসাগৰ চহৰত থলুৱা লোকে পথৰ দাতিত বহি মাটিৰ চাকি বিক্ৰি কৰি থকা দেখা গৈছে৷ এইবাৰ দীপাৱলীত শিৱসাগৰৰ মৃৎ শিল্পীসকলৰ প্ৰচেষ্টা সফল হোৱা দেখা গৈছে। চীনা সামগ্ৰী বৰ্জন কৰি থলুৱা সামগ্ৰীৰ দিশে আকৰ্ষিত হোৱা পৰিলক্ষিত ৰাইজ৷