
ডিব্ৰুগড়/জাগীৰোডঃ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাজ্য খনৰ থলুৱা লোকসকলে৷ থলুৱাক ভূমিৰ পৰা বেদখৰ কৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ থলুৱা জনজাতিয় লোকসকল নাৰাজ হৈ থকাৰ সময়তে আন কেইবাটাও জীৱন আৰু সম্পত্তিৰ প্ৰশ্নৰ সৈতে বিষয়ত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্য খনৰ জনগোষ্ঠীয় লোক৷
থলুৱা লোকসকলৰ দীৰ্ঘদিনিয়া দাবীক গুৰুত্ব প্ৰদান নকৰাত সময়ে সময়ে কেইবাটাও জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ মাজে মাজে চৰকাৰে সংগঠন সমূহক আশাৰ বতৰা দিয়ে যদিও বাস্তৱত পৰিণত নহয়৷ এইবাৰ অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ মকৰিছে সংগঠন সমূহে৷
ডিব্ৰুগড় জিলাৰ ডিব্ৰু-ছৈখোৱা অন্তৰ্গত দধীয়া-লাইকাৰ ১২ হাজাৰ মিচিং জনজাতিৰ লোকক পুনৰসংস্থাপন, অসমৰ ১২ হাজাৰৰো অধিক বেকলগ পদ পূৰণ আৰু বিশ্বনাথ-শোণিতপুৰ জিলাৰ ডেৰ লাখ জনজাতিয় লোকক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰিব দিয়াৰ দাবী উত্থাপন কৰি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মঙলবাৰে অসম বন্ধৰ আহ্বান জনায়৷
বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে কেইবাখনো জিলাত৷ মৰিগাঁও, ডিব্ৰুগড় আদি জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷ ডিব্ৰুগড জিলাৰ ডিব্ৰুগড় চহৰ, টেঙাখাত, দুলিয়াজান, নাহৰকটিয়া, নামৰূপ, চাবুৱা, টিংখা, ৰাজগড়, বৰবৰুৱা, লাহোৱাল, খোৱাং আদি অঞ্চলসমূহত বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। আনহাতে বন্ধৰ সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিত যাতে সংঘটিত হ’ব নোৱাৰে তাৰ বাবে প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ আনহাতে দিনৰ ১২ বজালৈ কোনো অপ্ৰীতক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হোৱা নাই৷
ইপিনে এই বন্ধৰ কার্যসূচীত নেতৃত্ব প্ৰদান কৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সংগঠন সমূহে চৰকাৰক তীব্ৰ সমালোচনা কৰে মঙলবাৰে৷
ট্ৰাইৱেল সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত হাজৰিকা, সদৌ অসম ট্ৰাইৱেল সংঘৰ সভাপতি মিলন সোণোৱাল, টাকাম মিচিং পৰিণ কৗবাংৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নবীন মিলি, সোণোৱাল কছাৰী গণ মঞ্চৰ সভাপতি দীপক শইকীয়া, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল, ডিব্ৰুগড় জিলা টি এম পি কেৰ সভাপতি চন্দন টায়ে, সম্পাদক প্ৰণৱ বড়ি, ডিব্ৰুগড় জিলা ট্ৰাইৱেল সংঘৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱালকে ধৰি টাকাম মিচিং মিমৗ কৗবাং, টাকাম মিচিং মিমাগ কৗবাং, সোনোৱাল কছাৰী মহিলা পৰিষদ, মেছ কছাৰী মহিলা পৰিষদ আদি সংগঠনে কয়, মুখ্যমন্ত্ৰী সোণোৱাল সংগঠন সমূহৰ দাবী মানি লওঁক৷ অন্যথাই পৰিস্থিতি ভয়াবহ হ’ব৷ চৰকাৰে দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল এতিয়া পূৰণ কৰক নহ’লে কোনেও ক্ষমা নকৰিব আপোনালোকক বুলি চৰকাৰক কয়৷
NNO জাগীৰোডঃ জাগীৰোডৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্থকৰ৷ যাৰ ফলত পথত আৱদ্ধ হৈ পৰে উজনি-নামনিৰ যান-বাহন৷ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অসম বন্ধৰ আহ্বান জনায়৷
►জনজাতিৰ বাবে সংৰক্ষিত ১২,১৫৫ টা বেকলগ পদ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পূৰণ কৰা, নগাঁও কাগজ কল পুনউজ্জীৱিত কৰি কৰ্মচাৰীৰ অনাদায় দৰমহা আদায় দিয়া, ডিব্ৰু-ছৈখোৱাৰ লাইকা দধীয়াৰ বান খহনীয়াত বিধস্ত জনজাতি লোকসকলক শীঘ্ৰে সংস্থাপন দিয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৫৩৫ গাঁৱৰ ডেৰলাখ কাৰ্বি , মিচিং, ৰাভা, বড়ো আৰু আদিবাসী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰাৰ দাবীত বন্ধৰ আহ্বান জনাই জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে৷
►মঙলবাৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ পথলৈ ওলাই আহে জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী৷ ৰাজ পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে দল-সংগঠন৷ ডিব্ৰুগড়, মৰিগাঁও আদি জিলাত ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰু-ছৈখোৱা অন্তৰ্গত দধীয়া-লাইকাৰ ১২ হাজাৰ মিচিং জনজাতিক পুনৰসংস্থাপন, অসমৰ ১২ হাজাৰৰো অধিক বেকলগ পুৰণ আৰু বিশ্বনাথ-শোণিতপুৰ জিলাৰ ডেৰ লাখ লোকক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ দাবীত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিছে৷