বাংলাদেশত ১৫ বছৰ জেলত থাকি ভাৰত পালেহি ৫ মনিপুৰী বিদ্ৰোহীয়ে

India Live Today
India Live Today

কাছাৰঃ ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হোৱাৰ লগতে কেইবা খনো নতুন চুক্তিত স্বাক্ষৰ কৰে দুয়ো দেশে৷ তাৰ পিছতে যেন দুয়ো দেশে পৰস্পৰে সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন পূৰ্বে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে বাংলাদেশ ভ্ৰমণ কৰি অহাৰ পিছতে সোমবাৰে বাংলাদেশ চৰকাৰে ভাৰতৰ হাতত গতাই ৫ বিদ্ৰোহী সংগঠনৰ কেডাৰক৷

জানিব পৰা মতে বাংলাদেশ সামৰিক বাহিনীৰ হাতত প্ৰায় ১৫ বছৰ পূ্ৰ্বে ধৰা পৰিছিল মনিপুৰ পিপলচ লিবাৰেছন আৰ্মি নামৰ সংগঠনটোৰ অথই, নীনহুৰ, উইনাৰ, থাইকু আৰু নাগালেণ্ডৰ মিথুবি নামৰ  কেডাৰ কেইগৰাকী৷ সোমবাৰ নিশা বাংলাদেশ বিজিবিয়ে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ভাৰতৰ হাতত গতাই দিয়ে উগ্ৰপন্থী কেডাৰ কেইজনক৷

বাংলাদেশৰ কুলাউৰা থানাত বৈধ বিস্ফোৰক ৰখাৰ গোচৰ ৰুজু হোৱাৰ লগতে বাংলাদেশ নিম্ন আদালতে ১৪ বছৰৰ কাৰাবাস ঘোষণা কৰে ৷ যোৱা ফেব্ৰুৱাৰি মাহত শাস্তিৰ ম্যাদ উকলে  যদিও আইনী মেৰপেচৰ বাবে অতিৰিক্ত ৯ মাহ কাৰাবাস খাটিব লগীয়া হয় তেওলোকে৷ বাংলাদেশৰ মৌলবিবজাৰ আৰক্ষী আৰু ৫১ বিজিবিয়ে কৰিমগঞ্জৰ সীমান্ত শাখাৰ আৰক্ষী আৰু বিএছএফৰ হাতত চমজাই দিয়ে৷ ধৃত উগ্ৰপন্থী কেইজনৰ চাৰিজন মনিপুৰৰ আৰু এজন নগালেণ্ডৰ ৷