অসমৰ কবি বিপুল কুমাৰ দত্তক বাংলাদেশৰ ‘কবিতা সংসদ সাহিত্য পদক’

নলবাৰীঃ অসমৰ এগৰাকী কবিক সাহিত্যৰ অন্যতম সন্মান ‘কবিতা সংসদ সাহিত্য পদক’ প্ৰদান কৰি সন্মান যাচে৷ দেশ খনৰ ঐতিহ্যমণ্ডিত পাবনাত বাংলাদেশ কবিতা সংসদৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তৰ্জাতিক সাহিত্য সন্মিলনত কবি বিপুল কুমাৰ দত্তক এই সন্মান প্ৰদান কৰে৷ বাংলাদেশ কবিতা সংসদত অসমৰ পৰা আমন্ত্ৰিত একমাত্ৰ কবি বিপুল কুমাৰ দত্তক বাংলা কাব্য সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ বৰ্ষৰ 'কবিতা সংসদ সাহিত্য পদক' প্ৰদান কৰা বিষয়াটোত অসমৰ লগতে সমগ্ৰ নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷

নলবাৰীৰ কৰিব গৰাকী এই সন্মান লাভ কৰাৰ পিছতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত কবি দত্তই অসমীয়া, বাংলা দুয়োটা ভাষাতে কবিতা পাঠ কৰে। অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট কবি ৰতন আচাৰ্য আৰু লেখক-গৱেষক ড০ দেৱব্ৰত ৰায়ও উপস্থিত থাকে। অনুষ্ঠানতে কবি বিপুল কুমাৰ দত্তই অসমৰ ১২০ গৰাকী অসমীয়া কবিৰ কবিতা বাংলা ভাষান্তৰ পুথি আকাৰে বাংলাদেশৰ পৰা প্ৰকাশ কৰাৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰে। কবি গৰাকীৰ প্ৰস্তাৱ  উদ্যোক্তা সকলে গ্ৰহণ কৰাৰ লগতে অচিৰে কাৰ্যব্যৱস্থা লব বুলিও আনুষ্ঠানিক ঘোষণা কৰে।

অনুষ্ঠানত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ কবি, সাহিত্যিক, শিল্পীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰ উপৰিও কবি বিপুল কুমাৰ দত্তই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এসময়ৰ কৰ্মস্থলী 'ৰবীন্দ্ৰ কাছাৰি বাড়ি'ত বিশ্ব বাংলা সাহিত্য পৰিষদৰ দ্বাৰা আয়োজিত 'হেমন্ত সাহিত্য উৎসৱ'ত কবিতা পাঠ কৰে। আনহাতে ঢাকাৰ সংস্কৃতি বিকাশ কেন্দ্ৰত বিশ্ব কবি মঞ্চৰ উদ্যোগত অনুষ্ঠিত কবি সন্মিলন আৰু ভাৰতৰ, বাংলাদেশ কবি-লেখকৰ বৈঠকি আড্ডাটো কবি দত্তই কবিতা পাঠ কৰে।

উল্লেখ্য যে নলবাৰীৰ নিজ পকোৱাৰ সু-সন্তান কবি বিপুল কুমাৰ দত্তৰ এনে সাফল্যত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ-সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, নলবাৰী জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক প্ৰধান বিজয় বৰুৱা, জেপ আলোচনী 'গজালি'ৰ সম্পাদক শংকৰ শৰ্মা, কাৰ্যবাহী সম্পাদক কমল কলিতা, চি পি আই(এম)ৰ জিলা সম্পাদক উমেশ দত্ত, বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰ, বাওঁপন্থী ছাত্ৰ সংগঠন -   এছ এফ আইৰ নলবাৰী জিলা সমিতিৰ নেত্ৰী মৌচুমী গোস্বামী, ডি ৱাই এফ আইৰ জিলা নেতা মনোৱাৰ হুছেইন আদি বিভিন্ন দল-সংগঠন তথা নলবৰীয়া কবি সমাজে শুভেচ্ছা জ্ঞাপন কৰে।