দেশৰ বৰঘৰত ৬ বছৰ কটালে বাংলাদেশীয়ে, থিতাপি লবলৈ আহিছিল অসমলৈ

গোলকগঞ্জঃ বাংলাদেশী বিতাড়নৰ বিষয়টোৱে যোৱা তিনিটা দশক ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷

বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷

ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বৰঘৰৰ সমীপত ৬ বছৰ থাকি অসমলৈ উভতি অহা এগৰাকী বাংলাদেশৰ নাগৰিক ধৰা পৰাৰ বিষয়টোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ দেশৰ ৰাজধানী দিল্লীত যোৱা ৬ বছৰে শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল বাংলাদেশৰ নাগৰিকজনে৷

দেশৰ ৰাজধানী দিল্লীত ৬ বছৰ অতিবাহিত কৰি অসমলৈ ফুৰিবলৈ আহিছিল চহিদুল ইছলাম নামৰ বাংলাদেশৰ নাগৰিকজনে৷ জানিব পৰা মতে, আন এজন লোকৰ সৈতে পশ্চিম বংগৰ সীমাৰে কাটা তাৰৰ বেৰ পাৰ হৈ ভাৰতত সোমাই দিল্লীলৈ গৈছিল চহিদুল ইছলামে৷ 

দিল্লীত যোৱা ৬ বছৰ ইটা ভাটাত কাম কৰি শেষত অসমলৈ আহে চহিদুল৷ অসমলৈ ফুৰিবলৈ আহি আৰক্ষীৰ জালত পৰে বাংলাদেশী নাগৰিকজনে৷ বাংলাদেশী নাগৰিকজনক ধুবুৰীৰ গৌৰীপুৰৰ অষ্টমি চৰত আটক কৰে আৰক্ষীয়ে৷ এগৰাকী মহিলাৰ সৈতে চিনাকী হৈ দুদিন পূৰ্বে অসমলৈ আহিছিল চহিদুল ইছলাম৷ বাংলাদেশৰ নাগেশ্বৰীৰ ঘৰজিয়া গাঁৱৰ বাসিন্দা চহিদুল ইছলামক ৰাইজে সন্দেহ কৰি আৰক্ষীক খবৰ দিয়াত আটক কৰিবলৈ সক্ষম হয়৷