কাঠুৱাৰ গণধৰ্ষণক সমৰ্থন আৰএছএছৰ নেতাৰ পুত্ৰৰ

ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ড কৰা নীচ লোককো সমৰ্থন কৰা মানুহ এই পৃথিৱীতে আছে। কট্টক মহিন্দ্ৰা বেংকৰ এগৰাকী কৰ্মচাৰীয়ে কাঠুৱাৰ গণধৰ্ষণক লৈ ফেচবুকত অসংবেদনশীল আৰু দায়িত্বহীন মন্তব্য কৰি গৰিহণাৰ পাত্ৰ হৈ পৰিছে। 

তাইৰ মৃত্যু হোৱা ভালেই হ’ল, নহলে ভাৰতৰ বিৰুদ্ধে তাই বোমাৰ দৰে হৈ উঠিলেহেঁতেন ১৩ এপ্ৰিলত কট্টক মহিন্দ্ৰাৰ অফিছিয়েল ফেচবুক পেজ এটাত এনেদৰে লিখে বিষ্ণু নন্দকুমাৰ নামৰ লোকগৰাকীয়ে। 

পেজটোত পোষ্টটো আপলোড হোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। শেষত বেংক কৰ্তৃপক্ষই বিষ্ণুক পদৰ পৰা অপাসাৰিত কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতে বিষ্ণুৱে একাউণ্টটো ডিএক্টিভেট কৰা বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনত প্ৰকাশিত তথ্য মতে বিষ্ণু হৈছে আৰএছএছৰ নেতা ই এন নন্দকুমাৰৰ পুত্ৰ আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সচিব এ এন ৰাধাকৃষ্ণনৰ কুটুম।