
কামপুৰঃ আৰক্ষীৰ প্ৰহাৰত নগাঁও জিলাৰ কচুৱাৰ লংজাপ মাজগাঁৱৰ বাপধন নাথৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ ৰক্ষকে ভক্ষকৰ ৰূপ লোৱাত চৌদিশে গৰিহণা দিয়ে একাংশ আৰক্ষীক৷ ৫ জানুৱাৰীত বাপ ধন নামৰ লোকজনৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলে উত্তেজিত হৈ আৰক্ষীক প্ৰহাৰ কৰিছিল৷ এই ঘটনাৰ ফলত চেপা উত্তেজনা অব্যাহত নগাঁও জিলা৷ আনহাতে দুটা লৰা তিনিজনী ছোৱালীৰ পিতৃ বাপধনৰ মৃত্যুৰ পিছত পৰিয়ালটোক কোনে পোহপাল দিব তাৰ চিন্তাত পত্নী ব্যাকুল হৈ পৰিছে৷

কচুৱাৰ লংজাপ মাজগাৱঁৰ লোকসকলে এই ঘটনাক সহজে লব পৰা নাই৷ ৪ জানুৱাৰীৰ নিশা আৰক্ষীয়ে আটক কৰিছিল বাপধন নাথক৷ পিছত আৰক্ষীৰ নিৰ্মম প্ৰহাৰত নিহত হয় বাপধন নাথৰ৷ ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া পৱন দেওৰাজাক নগাঁও আৰক্ষী অধীক্ষকে বৰ্খাস্ত কৰাৰ লগতে শনিবাৰে গ্ৰেপ্তাৰ কৰে৷ নিশা বাপধনে কোনো লোকৰ সৈতে তর্কাতৰ্কিত লিপ্ত হয়৷ উক্ত সময়ত মদৰ ৰাগীত আছিল বাপধন৷ তাৰ পিছতে এই খবৰ আৰক্ষীক দিছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক শ্বাহজাহান আলীয়ে৷
আৰক্ষীয়ে আৰক্ষী বিষয়া পৱন দেওৰাজা, গাঁওৰক্ষী বাহিনীৰ সম্পাদক শ্বাহজাহান আলী সহ আন তিনিজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান নগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে শ্বাহজাহান আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ক্ষোভিত হৈ পৰে পৰিয়াল৷ ইফালে শ্বাহজাহান আলীয়ে বাপধনক সম্পূৰ্ণ সুস্থ অৱস্থাত গতাই দিছিল বুল জানিব পৰা গৈছে৷ কিন্তু আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷
উক্ত নিশা কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাপধনক আৰক্ষী থানালৈ লৈ আহে। আৰক্ষীয়ে লোকজনক মাৰধৰ কৰি থানাত পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে৷ পাছত লোকজনক কামপুৰ চিকিৎসালয়ত আনে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ বাপধনৰ মৃত্যুৰ পিছত কামপুৰ এফআৰইউত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডি উপাধ্যায় উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিয়ালৰ লোকসকলক বুজিন দি ক্ষান্ত কৰে৷
উক্ত ঘটনাত দায়িত্বত থকা কচুৱা আৰক্ষী থানাৰ এছআই পৱন ডেউৰাজাক তৎকালে বৰ্থাস্ত কৰে৷ সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ আনহাতে, আৰক্ষী অধীক্ষকগৰাকীয়ে ব্যক্তিগত ভাবে পোন্ধৰ হাজাৰ টকা পৰিয়ালটোক প্ৰদান কৰে৷ আনহাতে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে এগৰাকী নিৰ্দোষী লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি মৃত্যুলৈ ঠেলি দিয়া কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু ই এক মানৱ অধিকাৰ উলংঘন কাৰ্য বুলি কয়। দোষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন তথা বৰ্খাস্ত কৰিলেই বাপধন ঘূৰি নাহে বুলি ক্ষোভ প্ৰকাশ কৰি অৰবিন্দ নাথে দোষী বিষয়াগৰাকীকো ফাঁচি দিয়াৰ দাবী জনায়।