বৰাকৰ শিলচৰত ২৬০টা সংগঠনে সাক্ষ্য দান কৰিলে যুটীয়া সংসদীয় সমিতিক

গুৱাহাটীঃ ৭ মেত’ গুৱাহাটীৰ খানাপাৰত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰাৰ অন্ত ৮ মে’ত বৰাকৰ শিলচৰত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰে৷ প্ৰথম দিনাৰ শুনানিৰ অন্ত। ৮ মে’ত অৰ্থাৎ প্ৰথমট দিনটোত বৰাকৰ শিলচৰত ২৬০টা সংগঠনে সাক্ষ্য দান কৰা বুলি জানিব পৰা গৈছে৷ নিশা বাৰ বজালৈ ২৬০টা দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰে যুটীয়া সংসদীয় সমিতিয়ে। কাছাৰৰ ৬১টা দল-সংগঠন, হাইলাকান্দিৰ ১০৩টা দল-সংগঠন, কৰিমগঞ্জৰ ৯৬টা দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা ১০ বজাৰ আৰম্ভ হ’ব আতৰ ১২ বজাত শুনানিৰ অন্ত পৰিব বুলি জানিব পৰা যায়৷

৭ মেত’ গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় চৰকাৰে লব বিচৰা অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰি ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতাই তথা ব্যক্তি বিশেষে মত দান কৰে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত ০৭ মে’ত অসমৰ ৰাইজে একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিলে৷ 

মঙলবাৰে আবেলিৰ পৰা বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰিছিল যুটীয়া সংসদীয় সমিতিয়ে।বৰাকৰ দল-সংগঠন খুবেই আগ্ৰহী শুনানিক লৈ৷ শিলচৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে সাক্ষ্য গ্ৰহণ কৰে৷ 

মঙলবাৰে আবেলিৰ পৰা কৰিমগঞ্জৰ দল-সংগঠন সাক্ষ্য দিয়ে সমিতিক৷ কৰিমগঞ্জৰ দল-সংগঠনৰ সাক্ষ্য সমাপ্ত হোৱাৰ পিছতে হাইলাকান্দি জিলাৰ দল-সংগঠনে সাক্ষ্য প্ৰদান কৰে৷ বুধবাৰে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ৰৈ যোৱা দল সংগঠনৰ লগতে কাছাৰ জিলাৰ দল-সংগঠন আৰু ব্যক্তি বেশেষ সাক্ষ্য প্ৰদান কৰিব নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে-বিপক্ষে৷