বৰাকত নিশাৰ ভিতৰতে ভূমিষ্ঠ হৈছে অগণন সংগঠনৰ, গঠন হৈছে খিলঞ্জীয়া বিৰোধী মঞ্চ

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মতামত দি অহাৰ সময়তে বৰাক উপত্যকাত নিশাৰ ভিতৰতে শ-শ সংগঠনৰ জন্ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰি থকাৰ সময়তে অসমৰ একাংশ সংগঠনে বৰাক উপত্যকাত নিশাৰ ভিতৰতে শ-শ সংগঠনৰ ভূমিষ্ঠ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ 

কেইবাটাও দল সংগঠনে এই আশংকা কৰাৰ লগতে ইউডিএফৰ বিধায়ক আমিনুল ইছলাম পাবত গজা জীৱনত নাম নথকা কিছুমান নাম দি নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে মত দিব বুলি স্পষ্ট কৰে৷

ইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় ‘‘নাগৰিতকত্ব সংশোধনী বিধায়কৰ সমৰ্থনত অধিকাংশ দল-সংগঠনে সমৰ্থন কৰা বুলি যাতে ৰিপৰ্ট যায় তাৰ বাবে তেওঁলোকে পৰিকল্পিত ভাবে বৰাক উপত্যকাত পাবত গজা জীৱনত নাম নথকা কিছুমান নাম দি তেওঁলোকে নাম পঞ্জীয়ন কৰিছে৷ আমি আৰু বুজিবলৈ বাকী নাই যিসকলে নাগৰিকত্ব বিধায়ক খনৰ হৈ মতামত দিব তেওঁলোকে সমৰ্থন কৰিব৷ আমি জানিব পাৰিছো বৰাক উপত্যকাত খিলঞ্জীয়া বিৰোধী মঞ্চৰ নামটো তেওঁলোকে আৱেদন কৰিছে৷ অসমত যদি খিলঞ্জীয়াৰ বিৰুদ্ধে মঞ্চ হয় তেতিয়া পিছলৈ কি হ’ব৷ এতিয়াই এই মঞ্চ গঠন কৰা আৰম্ভ কৰি দিলে৷’’

বৰাকত শুনানি অনুষ্ঠিত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেইবাটাও দল-সংগঠনে৷ ৰাজ্যৰ ৰাজাধানী গুৱাহাটীত সাক্ষ্য গ্ৰহণ কৰাৰ লগতে বৰাক ভেলীত সাক্ষ্য গ্ৰহণ কৰা ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰিব বিচৰা বুলি কয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে অভিযোগ উত্থাপন কৰে৷ বঙালী আৰু অসমীয়াৰ মাজত ভাগ ভাগ কৰিব বিচাৰিছে নেকি প্ৰশ্ন উত্থাপন কৰি যেনেদৰে বৰাকত সাক্ষ্য গ্ৰহণৰ বাবে ঠাই নিৰ্ধাৰণ কৰিছে তেনেদৰে উজনি অসম আৰু মধ্য অসমতো শুনানি অনুষ্ঠিত কৰাৰ দাবী জনাই পলাশ চাংমাইয়ে৷ 

আনহাতে আমাৰ হাতত পৰা তথ্য মতে এটি বিশেষ সংগঠনৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি একেলগে শ-শ স্মাৰক পত্ৰ সাজু কৰা হৈছে৷ এই স্মাৰক পত্ৰ সমূহ প্ৰতিটো সংগঠনত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে৷ স্মাৰক সমূহ ছিল-চহী মাৰি যুটীয়া সংসদীয় সমিতিক প্ৰদান কৰা হ’ব৷ দলটোৱে ৮ মে’ত শিলচৰত বিভিন্ন দল-সংগঠনৰ সাক্ষ্য গ্ৰহণ কৰিব৷