কোকৰাঝাৰত বৈশাগু বাৰদৈ চিখলা উৎসৱত পৰমানন্দ, বুলেটপ্ৰুফ জেকেটৰে গুলী সৰকে কেনেকৈ

কোকৰাঝাৰঃ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ মুল উদ্দশ্যেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ পথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ দেওবাৰে সামৰণি পৰে। 

বিটিচি প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ৰাজ্যৰ প্ৰতিখন স্বায়ত্বশাসিত পৰিষদৰ নেতৃত্ব, বিভিন্ন সাহিত্য সভাৰ সভাপতি-সম্পাদক, ৰাজ্যৰ ছাত্ৰ সংগঠনৰ নেতৃবৰ্গৰ উপৰিও বহু বিশিষ্ট ব্যাক্তিয়ে উৎসৱত অংশগ্ৰহণ কৰে৷

যাৰ পলত নান জাতি জনগোষ্ঠীৰ মিলনৰ থলীত পৰিণত হয় বিটিচি সচিবালয়ৰ খেলপথাৰ। উৎসৱত বৈশাগু নৃত্য, বিহু নৃত্যৰ উপৰিও ৰাভা, গাৰো, মিচিং আদি জনগোষ্ঠীয় নৃত্যই উদযাপনথলীৰ পৰিৱেশ মুখৰিত কৰে। বিটিচি প্ৰশাসনৰ উদ্যোগত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা সমাজলৈ যাব বুলি আশা প্ৰকাশ কৰিছে উৎসৱত অংশগ্ৰহণ কৰা সমূহ জনগোষ্ঠীয় নেতৃবৰ্গই। 

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি আলফা (স্বাধীন)ৰ গুলীত আৰক্ষী বিষয়া নিহত হোৱা কাৰ্যত দুখ প্ৰকাশ কৰি বুলেটপ্ৰুফ জেকেট পৰিধান কৰা সত্বেও কেনেদৰে গুলীয়ে আৰক্ষী বিষয়াগৰাকীৰ দেহত আঘাত কৰিলে সেয়া চিন্তনীয় বিষয় বুলি মন্তব্যৰে নিৰাপত্তা ব্যৱস্থাত সুৰঙা আছে বুলি চিন্তা ব্যক্ত কৰে। 

অনুষ্ঠানত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ বিলখন জাতিধ্বংসী বিল বুলি অভিহিত কৰি সংসদীয়া যুটীয়া সমিতিৰ সন্মুখত ইয়াৰ বিৰোধিতা কৰিব বুলি সদৰি কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। 

তদুপৰি এডপ্ট হেৰিটেজ সন্দৰ্ভত ইতিমধ্যে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সতে আলোচনা হোৱা বুলি সদৰি কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি সমিলমিলেৰে আগবাঢ়ি যোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে তাক আদৰণীয় বুলি উল্লেখ কৰি ভট্টাচাৰ্যই সংস্কৃতিয়ে সমাজ গঢ়ে বুলি কয়। 

ইপিনে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি জনগোষ্ঠীয়ে সমিলমিলেৰে আগবাঢ়ি ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰ সমাজ গঢ়াত গুৰুত্ব আৰোপ কৰি সমাজৰ পৰা ভুল বুজাবুজি আতঁৰ কৰাতো গুৰুত্ব আৰোপ কৰে।