
বিহালীঃ যোৱা ২০ জুলাইৰ পৰা তলা ওলমি আছিল এখন চাহ বাগিচাত৷ বাগিচা খনত তলা ওলমাৰ পিছৰে পৰা অসহায় হৈ পৰিছিল শ্ৰমিকসকল৷ শ্ৰমিকৰ পৰিয়ালে এসাজ ভাতৰ বাবে হাহাকৰ কৰি দিন পাৰ কৰিছিল৷ শ্ৰমিকসকলৰ সন্তানে পঢ়া-শুনা এৰিব লগা হৈছিল৷ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলে চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত বাগিচাত তলা ওলোমাই দিয়ে৷
দেহৰ ঘাম মাটিত পেলাই অৰ্থ উপাৰ্জন কৰা শ্ৰমিকসকলে কৰ্মহীন হৈ পৰাত ককবকাব লগা হয়৷ দৰিদ্ৰ শ্ৰমিকসকলে বাগিচাৰ তলা খুলি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ নিতৌ প্ৰতিবাদ সাব্যস্ত কৰাত চৰকাৰে বে-আইনী ভাবে বন্ধ কৰা বৰগাঁও বাগিচাৰ লক-আউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ শ্ৰমিকসকলে ভাবিছিল ৰাজ্য তথা বিশ্বনাথ জিলা প্ৰশাসনে খুলিব বাগিচাৰ গেটৰ তলা৷

১৬ চেপ্তেম্বৰত বৰগাঁও চাহ বাগিচাৰ লক আউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে অসম চৰকাৰে৷ ১৮ ছেপ্তেম্বৰত শ্ৰমিকসকলে বিজয় উৎসৱ পালন কৰে৷ বিজয় উসৱ পালন কৰি দৰিদ্ৰ শ্ৰমিকে ভাবিছিল তেওলোকৰ বিজয় হ’ল৷ কিন্তু সেই বিজয় উৎসৱৰ আনন্দ আছিল ক্ষন্তেকীয়া৷ কিয়নো প্ৰশাসনে মালিকৰ বিৰুদ্ধে গৈ বাগিচাৰ তলা খুলিবলৈ সাহস কৰা নাছিল৷ প্ৰভাৱশালী মালিকৰ পিছফালে থিয় দি আছিল ৰাজ্যৰ চৰকাৰৰ দুগৰাকী মন্ত্ৰী৷
যাৰ বাবে বিশ্বনাথৰ উপায়ুক্তই সাহস কৰা নাছিল বাগিচাৰ গেটৰ তলা খুলিবলৈ৷ পুনৰ আন্দোলন আৰম্ভ কৰিলে শ্ৰমিকে৷ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাওঁ(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা ৫মাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি প্ৰথমে আবেদন কৰিছিল৷

সমগ্ৰ দেশে যেতিয়া স্বাধীনতা দিৱসৰ ৰঙত বিভোৰ হৈ আছিল, উলহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছিল তেতিয়া তেওঁলোক অৰ্ধ উলংগ হৈ আছিল৷ কণ কণ শিশুৱে সন্মুখত কাহি-বাটি লৈ বহি আছিল৷ মুখবোৰ শুকাই গৈছিল। হুমুনীয়া কাঢ়ি আছিল৷ তেওঁলোকৰ মঙহবোৰ হাড়ত লাগি আছিল৷ তেওঁলোকে ভোকত লাল-কাল হৈ আছিল৷ স্বাধীনতাৰ অৰ্থ তেওঁলোকে জনা নাছিল৷ স্বাধীনতা চোবাই খাই নে সোণৰ আলমাৰীত থৈ দিয়ে তাকো নাজানে তেওঁলোকে৷
তেওঁলোকে জানে কাম কৰিব লাগে আৰু খাব লাগে৷ তেওঁলোকৰ মাজৰ দুই এজনে স্বাধীনতাৰ অৰ্থ জানে বাবে প্ৰশ্ন কৰিছিল সঁচাই জানো আমি স্বাধীন? এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিছাৰি আবেদন-নিবেদন কৰাৰ লগতে প্ৰতিবাদো কৰিছিল৷ এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত মালিক ৰাজীৱ প্ৰিন্সাই বৰগাওঁ(নিউ কেটলা)চাহ বাগিচা লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰতিবাদ কৰিব লগা হয়৷

দেহৰ ঘাম মাটিত পেলাই অৰ্থ উপাৰ্জন কৰা শ্ৰমিকসকলে কৰ্মহীন হৈ পৰা ককবকাব লগা হয়৷ যোৱা ৫ মাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল বাগিচা খনৰ তলা খুলি দিয়াৰ বাবে৷ শ্ৰমিকসকল কৰ্মহীন হৈ পৰাত পৰিয়াল চলাব নোৱোৰা হৈ পৰে৷ লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকক ন্যায় দিবলৈ প্ৰশাসন তথা চৰকাৰ নিৰ্বিকাৰ হৈ পৰা দেখা গৈছিল৷ শ্ৰমিকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ, প্ৰশাসন কিম্বা বাগিচাৰ মালিকে৷
ভোকাতুৰ শ্ৰমিকসকলেও ৭১ সংখ্যক স্বাধীনতা দিৱস অৰ্ধ-উলংগ হৈ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ দেশে ৰঙীন স্বাধীনতা দিৱস পালন কৰিছিল আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিছিল শ্ৰমিকসকলে৷ অৰ্ধ উলংগ হৈ শ্ৰমিকসকল ল'ৰা-ছোৱালীৰ সৈতে হাতত কাহী-বাতি লৈ পতাকা উৰুৱায়৷ ৰাষ্ট্ৰীয় সংগীত গায় চিঞঁৰি চিঞঁৰি কৈছিল "স্বাধীনতা, আমাক ভাত লাগে, আমাক ৰুটী লাগে, আমাক কাপোৰ লাগে, আমাক কাম লাগে৷" তাৰ পাছতে খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰে প্ৰশাসনে৷

মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’য়৷ শ্ৰমিকসকলে আমাক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু ৫ মাহ অপেক্ষাৰ অন্তত ন্যায়ালয়ৰ ৰায়ে শ্ৰমিকসকলৰ মাজলৈ আনিলে সুখবৰটো৷ বাগিচাৰ শ্ৰমিক তথা চিপিআই(এম-এল) কৰ্মী চাজেন প্ৰজাই উচ্চ ন্যায়ালয়ত চৰকাৰী নিৰ্দেশনা অমান্য কৰাৰ অভিযোগত তুলি এখন আবেদন কৰিছিল।
আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৫ ডিচেম্বৰৰ ভিতৰত বাগিচা খোলাৰ বাবে এক ৰায় প্ৰদান কৰে৷ অৱশেষত মালিক পক্ষই শ্ৰমিকৰ সততাৰ ওচৰত সেও মানিবলৈ বাধ্য হয়৷ ৫ মাহৰ অন্তত সোমবাৰৰ পৰা বাগিচাৰ কাম আৰম্ভ কৰে শ্ৰমিকসকলে। সোমাবৰে বাগিচা খনৰ কামৰ শুভাৰম্ভ কৰে চিপিআই(এম-এল) নেতা অনন্ত হাজৰিকাই।
ন্যায়ালয়ৰ ৰায়ে চাহ শ্ৰমিক তথা ট্ৰেড ইউনিয়ন আন্দোলনৰ বাবে এক বৃহৎ জয় হয়। অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘ, চিপিআই এম-এল আৰু বিপ্লৱী যুৱ সন্থাই বৰগাঁও চাহ-বাগিচাৰ শ্ৰমিকসকলৰ ঐতিহাসিক বিজয় বুলি কৈ আনন্দিত হৈ পৰে। অসম চৰকাৰে এই লক আউটৰ ধাৰাবাহিকতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো তলা খুলিব চৰকাৰ থনে কাৰ বাবে কাম কৰি বুল প্ৰশ্ন উত্থাপন কৰে৷ অযথা বিলম্ব কৰি চাহ শ্ৰমিকসকলক অবৰ্ননীয় দুৰ্যোগৰ ফালে ঠেলি দি শ্ৰমিকসকলক আত্মসমৰ্পন কৰিবৰ বাবে পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
বৰ বৰ মানুহৰ ছত্ৰছায়াত কাম কৰা প্ৰশাসনে দৰিদ্ৰ, শ্ৰমিকৰ বিৰুদ্ধে খালি গাৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বাবে শ্ৰমিক সকলৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ জাপি দি শ্ৰমিকৰ মনোবল ধংস কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চাহ শ্ৰমিকসকলৰ আপোচবিহীন দৃঢ় স্থিতি লৈ নতশিৰ হ'বলৈ বাধ্য নহ’ল৷ শ্ৰমিকসকলক ন্যায় প্ৰদানৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনে ২৩ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সভা অনুষ্ঠিত কৰিছিল৷
গুৱাহাটী প্ৰেছ ক্লাৱত বিহালীৰ কেইবাগৰাকী যুৱকৰ নেতৃত্বত এখন নাগৰিক সভা অনুষ্ঠিত কৰি দল-সংগঠনে বাগিচাৰ মালিকক সকীয়াই দি শীঘ্ৰে বাগিচা খনৰ তলা খুলি দাবী জনাইছিল৷ চিপিআই (এমৰ) ৰাজ্যিক সদস্য অনন্ত হাজৰিকা, যুৱ নেতা পৰিমল গৌৰেৰ লগতে অঞ্চলটোৰ কেবাজনো যুৱক তথা সমাজ সচেতন লোকে চাহ শ্ৰমিকক সকলৰ হৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল৷ যুৱ নেতা পৰিমল গৌৰে এই আন্দোলনত সহায় কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জনায়৷ এই বিজয় ৰাজ্যৰ দৰিদ্ৰ শ্ৰমিকৰ বিজয় বুলি কয়৷